ছহিদবৰণ দিৱসত কেপ্টেইন জিণ্টু গগৈলৈ শ্ৰদ্ধাঞ্জলী মুখ্যমন্ত্ৰী সোণোৱালৰ

ছহিদবৰণৰ সময়ত তেওঁৰ বয়স হৈছিল মাথোঁ ২৯বছৰ ৷
ছহিদবৰণ দিৱসত কেপ্টেইন জিণ্টু গগৈলৈ শ্ৰদ্ধাঞ্জলী মুখ্যমন্ত্ৰী সোণোৱালৰ

কাৰ্গিল বীৰ ছহিদ কেপ্টেইন জিণ্টু গগৈলৈ ছহিদবৰণ দিৱসত শ্ৰদ্ধাঞ্জলী জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে আজিৰ দিনটোতে ১৯৯৯ত কাৰ্গিল যুদ্ধত ছহিদবৰণ কৰে কেপ্টেইন গগৈয়ে। ছহিদবৰণৰ সময়ত তেওঁৰ বয়স হৈছিল মাথোঁ ২৯বছৰ ৷ আজি মুখ্যমন্ত্ৰী সোণোৱালে বীৰ ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনাই কয়, "বীৰ সেনানী গগৈৰ সাহস আৰু ৰাষ্ট্ৰৰ প্ৰতি চৰম ত্যাগ আমাৰ বাবে অনুপ্ৰেৰণা আৰু গৌৰৱৰ বিষয় ৷ ছহিদবৰণৰ দিনটোত আজি তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো।" উল্লেখ্য যে কেপ্টেইন গগৈৰ জন্ম হৈছিল গোলাঘাটৰ খুমটাইত ৷ তেওঁৰ পিতৃ প্ৰাক্তন বায়ু সেনা বিষয়া আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com