বাঘজানৰ অগ্নিকাণ্ডঃ নিৰ্বাপনত নিয়োজিত অগ্নি-নিৰ্বাপক কৰ্মী আঘাতপ্ৰাপ্ত

জুই নুমুওৱাৰ চেষ্টা কৰি অৱস্থাতে অ' এন জি চিৰ এজন অগ্নি-নিৰ্বাপক কৰ্মী সামান্য আঘাতপ্ৰাপ্ত হয়
বাঘজানৰ অগ্নিকাণ্ডঃ নিৰ্বাপনত নিয়োজিত অগ্নি-নিৰ্বাপক কৰ্মী আঘাতপ্ৰাপ্ত

বাঘজানৰ অগ্নিকাণ্ডঃ নিৰ্বাপনত নিয়োজিত অগ্নি-নিৰ্বাপক কৰ্মী আঘাতপ্ৰাপ্ত

অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত সূত্ৰপাত ঘটা ভয়াবহ অগ্নিনিৰ্বাপনৰ বাবে বহুসংখ্যক অগ্নি-নিৰ্বাপন বাহিনীৰ কৰ্মী নিয়োজিত কৰা হৈছে ৷ তেল আৰু প্ৰাকৃতিক গেছ নিগম(অ' এন জি চি)-ৰো অগ্নি-নিৰ্বাপন বাহিনীক এই ভয়াবহ অগ্নিকাণ্ড নিৰ্বাপনত নিয়োজিত কৰা হৈছে ৷ জুই নুমুওৱাৰ চেষ্টা কৰি অৱস্থাতে অ' এন জি চিৰ এজন অগ্নি-নিৰ্বাপক কৰ্মী সামান্য আঘাতপ্ৰাপ্ত হয় বুলি তথ্য পোৱা গৈছে ৷ সৌভাগ্যবশতঃ এই অগ্নি-নিৰ্বাপনত নিয়োজিত কোনো অগ্নি-নিৰ্বাপক বাহিনীৰ কৰ্মী হতাহত হোৱা নাই ৷ ইপিনে, এই অগ্নি-নিৰ্বাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে ALERTগোটে এই অগ্নি-নিৰ্বাপনৰ বাবে পাঁচটা বিকল্প উপায় আগবঢ়াইছে ৷ ইয়াৰে দুটা উপায় হৈছে Capping Stack Guide Rail Mechanism আৰু Ignite well. অ' এন জি চিয়ে Capping Stack Guide Rail Mechanism পদ্ধতি অৱলম্বন কৰিছে ৷ ইপিনে, তৈল ক্ষেত্ৰখনৰ ওচৰত প্ৰবল প্ৰতিবাদ গঢ়ি উঠিছে ।এই কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে অঞ্চলটোৰ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে ব্যৱস্থা কৰিবলৈ মুখ্য সচিব আৰু তিনিচুকীয়াৰ জিলা প্ৰশাসনক আবেদন জনোৱা হৈছে ৷ যাতে বিশেষজ্ঞসকলে তৈল ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰে ৷ বিবণতিটোত আৰু কোৱা হয় যে পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগেই তৈল ক্ষেত্ৰখনত ALERT গোট আৰু অইল/অ' এন জি চিৰ বিষয়াই প্ৰৱেশ কৰিব ৷

ইপিনে, এই জুই নুমুৱাৰ উদ্দেশ্য  ছিংগাপুৰৰ পৰা এটা বিশেষজ্ঞৰ দলো উপস্থিত হৈছেহি ৷ এই বিশেষজ্ঞসকল হৈছে ছিংগাপুৰস্থিত মেছাৰ্ছ ডিজেষ্টাৰ কণ্ট্ৰ'লৰ ৷ অইল ইণ্ডিয়াৰ অনুৰোধ মৰ্মে প্ৰতিষ্ঠানখনে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটোত আছে মাইকেল আৰ্ণেষ্ট (জ্যেষ্ঠ খাদ বিশেষজ্ঞ), ক্ৰেইগ নেল ডানকান(খাদ নিয়ন্ত্ৰণ অভিযন্তা) আৰু এডৱাৰ্ড হেৰিছ মেকল'ড ( জ্যেষ্ঠ খাদ নিয়ন্ত্ৰণ বিশেষজ্ঞ) ৷ ইতিমধ্যে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াবৰ্গই বিশেষজ্ঞ দলটোৰ সৈতে আলোচনাত মিলিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com