ছহিদ কুশল কোঁৱৰলৈ মুখ্যমন্ত্ৰী সোণোৱালসহ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলী

ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত কোঁৱৰক যোৰহাট কাৰাগাৰত ব্ৰিটিছে ফাঁচী দিয়ে ৷
ছহিদ কুশল কোঁৱৰলৈ মুখ্যমন্ত্ৰী সোণোৱালসহ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলী

ভাৰত ত্যাগ আন্ছদোলনৰ ছহিদ কুশল কোঁৱৰক আজি সোমবাৰে সমগ্ৰ ৰাজ্যই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ উল্লেখ্য যে দিনটোতে ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত কোঁৱৰক যোৰহাট কাৰাগাৰত ব্ৰিটিছে ফাঁচী দিয়ে ৷ আজি মুখ্যমন্ত্ৰী সোণোৱালে দেশ-মাতৃক ঔপনিৱেশিক শাসনৰ পৰা উদ্ধাৰ্থে প্ৰাণ বিসৰ্জন দিয়া ছহিদগৰাকীলৈ গুৱাহাটীৰ নেহৰু পাৰ্কত শ্ৰদ্ধাঞ্জলী জনায় ৷ ফুলৰে ছহিদ কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকৰ আগত কয়, " এই মহান দিনটোত আজি আমি এই মহান ব্যক্তিজনলৈ শ্ৰদ্ধাঞ্জলী জনাইছো আৰু আমি ৰাষ্ট্ৰৰ উন্নতি সাধন আৰু একতা বৃদ্ধিৰ বাবে সংকল্পবদ্ধ হোৱা উচিত ৷" এই উপলক্ষে আজি মুখ্যমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী কৃষ্ণ লহকৰৰ সৈতেও ভাব বিনিময় কৰে ৷

উল্লেখ্য যে ১৯০৫ৰ ২১মাৰ্চত কুশল কোঁৱৰে জন্ম লাভ কৰিছিল ৷ তেওঁৰ জন্ম হৈছিল অবিভক্ত শিৱসাগৰ জিলাৰ সৰুপথাৰৰ ওচৰৰ বালিজানত। ১৯৪২ৰ ১০অক্টোবৰত সৰুপথাৰত এটা ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল ।একাংশ লোকে ৰেলপথৰ চিৰি খুলি দুৰ্ঘটনাতো সংঘটিত কৰে ৷ পাছত ব্ৰিটিছ আৰক্ষীয়ে এই কূটাঘাতৰ সৈতে জড়িত থকাৰ সন্দেহত কোঁৱৰসহ একাংশক গ্ৰেপ্তাৰ কৰে ৷ কিন্তু কোঁৱৰ সম্পূৰ্ণৰূপে নিৰ্দোষী আছিল ৷ অৱশেষত ব্ৰিটিছে বিচাৰত কোঁৱৰক মৃত্যুদণ্ডৰ শাস্তি বিহে । পাছত ১৯৪৩ৰ ১৫জুনৰ পুৱতি নিশা ৪-৩০বজাত ব্ৰিটিছে যোৰহাট কাৰাগাৰত কোঁৱৰৰ ফাঁচী কাৰ্যকৰী কৰে ৷ আজি সৰুপথাৰবাসীৰ লগতে সমগ্ৰ ৰাজ্যই মহান ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ সৰুপথাৰৰ ৰাজহুৱা ভৱনৰ চৌহদত ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷ এই কাৰ্যসূচী যুটীয়াভাবে আয়োজন কৰে ধনশিৰি মহকুমা প্ৰশাসন, ধনশিৰি মুক্তি যুঁজাৰু সন্থা আৰু স্থানীয় ৰাইজে ৷ ছহিদগৰাকীলৈ বন্তি প্ৰজ্বলন আৰু ফুলেৰে শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com