লক্ষ্য বিজেপিক উত্খাতঃ কংগ্ৰেছৰ মহাজোঁট বন্ধন

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কোনো পৰম্পৰা নাই কংগ্ৰেছত।
লক্ষ্য বিজেপিক উত্খাতঃ কংগ্ৰেছৰ মহাজোঁট বন্ধন

আগন্তক ২০২১ৰ বিদানসভা নিৰ্বাচনত বিজেপিক উত্খাতৰ লক্ষ্যৰে কংগ্ৰেছে মহাজোঁট বন্ধন কৰিলে। অৱশ্যে আছুন নেতৃত্বত গঠন হবলগা দলে কংগ্ৰেছৰ মহাজোঁটলৈ সমৰ্থন জনাব নে নাই, সেয়া নিশ্চিত হোৱা নাই। তত্সত্বেও মহাজোঁটবন্ধনৰ জৰিয়তে ২০২১ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি কংগ্ৰেছ নেতৃত্ব আত্মবিশ্বাসী হৈ উঠিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি যি দলেই জোঁটবন্ধনলৈ সঁহাৰি দিব কংগ্ৰেছে আদৰি লব ৷ অনুৰূপ মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও। আনহাতে আছুৰ সম্পৰ্কত গগৈয়ে সাংবাদিকক কয়, 'আছুৱে পূৰ্বেও সমৰ্থন জনোৱা নাই কংগ্ৰেছক৷ পূৰ্বৰে পৰা বিজেপিৰ সপক্ষে কাম কৰে ছাত্ৰ সন্থাই ৷ আছু নাহিলেও কোনো ক্ষতি নহয় কংগ্ৰেছৰ।'

আনহাতে, দলৰ আগন্তুক নিৰ্বাচনৰ মুখ্যমন্ত্ৰী কোন হব সেয়া নিশ্চিত হৈৱা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কোনো পৰম্পৰা নাই কংগ্ৰেছত। এই পৰম্পৰা বিজেপিতহে আছে। তেওঁ লগতে বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে যদি সাহস আছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰক।

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৮৪ খন আসনত লাভ কৰিব বুলি কৰা মন্তব্যত সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অসমৰ জনতাৰ আস্থা হেৰুৱাইছে বিজেপিছে। আনহাতে, কালি

টোত কংগ্ৰেছত যোগাদান কৰে কেইবাশতাধিক নেতা-কৰ্মীয়ে ৷ ইয়াৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ নেতা তথা হাজোৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক, প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা, প্ৰাক্তন বিষয়া ফাইজুল হুছেইন আদি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com