ক'ৰ'নাঃ ৰাজ্যত এক লাখৰ সীমা অতিক্ৰম, উদ্বিগ্ন চৰকাৰ

তেওঁ অভিযোগ কৰে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক হাৰত ক'ৰ'না প্ৰতিৰোধৰ বিধি সাধাৰণ লোকে উলংঘা কৰি আহিছে৷
ক'ৰ'নাঃ ৰাজ্যত এক লাখৰ সীমা অতিক্ৰম, উদ্বিগ্ন চৰকাৰ

আশংকা কৰা ধৰণে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ মুঠ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰিছে ৷ শুকুৰবাৰে নিশা প্ৰকাশিত তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ১, ০১, ৩৬৭জন হৈছে ৷ ইয়াৰে ২৭, ৭৭১জনৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছে ৷ চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ৭৯, ৩০৭জন ঘৰমুৱা হৈছে ৷ আনহাতে, ২৮৬জন মৃত্যুমুখত পৰিছে ৷ ৰাজ্যত এনেদৰে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰ উদ্বিগ্ন হৈছে।

ইয়াৰ আভাস স্পষ্ট হৈছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাষ্যত ৷ কালি মুখ্য সচিবে কয়, " সকলোৱে ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়ম আখৰে আখৰে মানি চলক। অন্যথা সংক্ৰমণ বৃদ্ধি পাই থাকিব ৷ এনে অৱস্থাত পুনৰ ল'কডাউন আৰোপৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিকল্প নাথাকিব। অৱশ্যে আমি এনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পক্ষপাতী নহয়। কিন্তু উপায়ান্তৰ হ'লে তাকে কৰিব লাগিব। " মানুহে কিয় মাস্ক পৰিধান ত্যাগ কৰিবলৈ লৈছে, সেয়া তেওঁৰ বোধগম্য নহয় বুলিও মুখ্য সচিবে খেদ প্ৰকাশ কৰিছে ৷ তেওঁ অভিযোগ কৰে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক হাৰত ক'ৰ'না প্ৰতিৰোধৰ বিধি সাধাৰণ লোকে উলংঘা কৰি আহিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com