ক'ৰ'না মহামাৰীঃ ৩০ আগষ্টৰ ভিতৰত বজাৰলৈ ভেকচিন অহাৰ সম্ভাৱনা

ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ নীতি-নিয়ম যেনে মাস্ক পৰিধান, সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়।
ক'ৰ'না মহামাৰীঃ ৩০ আগষ্টৰ ভিতৰত বজাৰলৈ ভেকচিন অহাৰ সম্ভাৱনা

ৰাজ্যত ক্ৰমে ক'ৰ'না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে এক স্বস্তিৰ বতৰা আহিছে। অহা ৩০ আগষ্টৰ ভিতৰত বজাৰলৈ ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক(ভেকচিন) অহাৰ সম্ভৱনা আছে। আজি এনে এক সম্ভাৱনা ব্যক্ত কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ৩০ আগষ্টৰ ভিতৰত বজাৰলৈ ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক অহাৰ সম্ভাৱনা আছে। এই ভেকচিন বজাৰত উপলব্ধ হোৱাৰ লগে লগে ক'ৰ'না ভাইৰাছক লৈ সৃষ্ট আশংকা কিছু লাঘৱ হ'ব বুলি ধাৰণা কৰা হৈছে। মন্ত্ৰী শৰ্মাই সকলোকে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ নীতি-নিয়ম যেনে মাস্ক পৰিধান, সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়।

আনহাতে, মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অসমত অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ অনুসৰি ৰাজ্যত শেহতীয়াভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯,৪৩৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ৰাজ্যত নতুনকৈ ৪৭৯ ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com