চত্তিশগড়ৰ চি আৰ পি শিবিৰত ভয়ংকৰ ঘটনা, সতীৰ্থৰ গুলিত ৪ জোৱান নিহত

কোনো কথাক লৈ হোৱা তৰ্ক-বিতৰ্কৰ মাজতে জোৱানজনে নিজৰ এ কে-৪৭ ৰাইফলেৰে সতীৰ্থ জোৱানকেইজনৰ ওপৰত ধাৰাষাৰে গুলিবৰ্ষণ কৰে ৷
চত্তিশগড়ৰ চি আৰ পি শিবিৰত ভয়ংকৰ ঘটনা, সতীৰ্থৰ গুলিত ৪ জোৱান নিহত

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)-ৰ চত্তিশগড়ৰ সুকমাস্থিত শিবিৰত আজি পুৱতি নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ চি আৰ পিৰ ৫০ নম্বৰ বেটেলিয়নৰ শিবিৰত এজন জোৱানে নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই চাৰিজন সতীৰ্থক হত্যা কৰাৰ লগতে আন তিনিজনক আহত কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি ঘটনাটো সংঘটিত হয় পুৱতি নিশা প্ৰায় ৩-৩০বজাত ৷ সতীৰ্থৰ ওপৰত গুলীচালনা কৰা জোৱানজনক ৰীতেশ ৰঞ্জন বুলি চিনাক্ত কৰা হৈছে ৷ কোনো কথাক লৈ হোৱা তৰ্ক-বিতৰ্কৰ মাজতে জোৱানজনে নিজৰ এ কে-৪৭ ৰাইফলেৰে সতীৰ্থ জোৱানকেইজনৰ ওপৰত ধাৰাষাৰে গুলিবৰ্ষণ কৰে ৷ ফলত সাতজন জোৱান আহত হয় ৷ লগে লগে তেওঁলোকক নিকটৱৰ্তী এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ চিকিৎসালয়ত চাৰিজনজন জোৱানক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

আনহাতে, দুৰ্ভাগ্যজনক ঘটনাটোত মৃত জোৱানকেইজনক ৰাজমণি কুমাৰ যাদৱ, ৰাজীৱ মণ্ডল, ধঞ্জী আৰু ধৰ্মেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে গুলিবৰ্ষণ কৰা জোৱানজনক গ্ৰেপ্তাৰ কৰিছে ৷ শীৰ্ষ আৰক্ষী বিষয়াই তেওঁক জেৰা কৰি আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com