মহানগৰীৰ হাতীগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ হাতীগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ হাতীগাঁৱত কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

গুৱাহাটীৰ হাটীগাঁৱত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা । ১২ ডিচেম্বৰ দেওবাৰে হাতীগাঁও অঞ্চলত এটা কোঠাৰ ভিতৰত এজন যুৱকৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছিল। পিছত মৃত যুৱকজনক অসমৰ নগাঁও জিলাৰ বটদ্ৰবাৰ বাসিন্দা ৰূপজ্যোতি ডেকা নামৰ বুলি চিনাক্ত কৰা হয়। মৃত যুৱকজনৰ বয়স আছিল ২৪ বছৰ ।

খবৰ অনুসৰি, মৃতদেহটো হাতীগাঁও অঞ্চলৰ এটা ঘৰৰ এটা কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল। মৃতদেহটো এনেদৰে উদ্ধাৰ হোৱাত আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। কিন্তু এই পয্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। স্থানীয় লোকৰ দ্বাৰা খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।

জানিব পৰা মতে মৃত যুৱক ৰূপজ্যোতি ডেকাই গুলজাৰ হুছেইনৰ চালক হিচাপে কাম কৰি আছিল যি বিজেপি (ভাৰতীয় জনতা পাৰ্টি) সংখ্যালঘু মৰ্চাৰ সদস্য। ইফালে, বিষয়টো সন্দৰ্ভত আৰক্ষীৰ দ্বাৰা এক বিতং তদন্ত আৰম্ভ কৰা হৈছে আৰু মৃতদেহটো চিকিৎসা অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে প্ৰেৰণ কৰা হৈছে যাতে এইটো আত্মহত্যা হয় নে মৃত্যুৰ আন কিবা কাৰণ আছে তাক জানিব পাৰিব।

এই মাহৰ আৰম্ভণিতে গুৱাহাটী আৰক্ষীয়ে হাতীগাওঁৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা মিলন চেট্ৰি নামৰ ৫৫ বছৰীয়া চিত্ৰশিল্পীৰ মৃতদেহ উদ্ধাৰ কৰিছিল । মৃতদেহটো এটা ৰহস্যময় অৱস্থাত কোঠাত পৰি থকা পোৱা গৈছিল আৰু পেটত কটা আছিল। এইটো খবৰ পোৱা গৈছিল যে মানুহজন তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বে ৫ দিন ধৰি সন্ধানহীন হৈ আছিল।

অসমত সংঘটিত আন এক আচৰিত ঘটনাত,১১ ডিচেম্বৰ শনিবাৰে অসমৰ মৰিগাঁও জিলাত অৱস্থিত গাগেলমাৰীৰ ভূঞাবস্তি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এগৰাকী যুৱতীৰ মুণ্ডহীন মৃতদেহ ওপঙি থকা অৱস্থাত পোৱা গৈছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com