ক'ৰ'নাঃ চিকিৎসালয়ত ভৰ্তিত পলমে পৰিস্থিতি জটিল কৰিছে !

তেওঁ লগতে অক্টোবৰত ক’ৱিড ৰোগীৰ সংখ্যা বৃদ্ধিৰো আশংকা কৰে ৷
ক'ৰ'নাঃ চিকিৎসালয়ত ভৰ্তিত পলমে পৰিস্থিতি জটিল কৰিছে !

ৰাজ্যত ক'ৰ'নাজনিত পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে ৷ নিতৌ ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে হেজাৰ হেজাৰ লোক ৷ ৰাজ্যৰ ক'ৰ'নাজনিত পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ কাৰণৰূপে চিহ্নিত হৈছে এই মহামাৰীত আক্ৰান্তই চিকিৎসালয়ত ভৰ্তি হোৱাত পলম কৰাটো ৷ এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৱিডত আক্ৰান্ত হোৱাৰ পাছত বহু লোকে হোম আইছ'লেচনত থাকিবলৈ লোৱাটোৱে পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটাইছে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ৱিড ৰোগীৰ আই চি অ'ৰ অৱস্থা বুজ লয় ৷ তাৰ পাছতে তেওঁ কয় যে হোম আইছ'লেচনত থকা লোকসকলৰ জটিলতা বৃদ্ধি পাবলৈ ধৰে ৷ ক'ৱিড ৰোগীক ঘৰত থাকিবলৈ দিয়াৰ পক্ষপাতী তেওঁ নাছিল যদিও বিভিন্ন পক্ষৰ পৰা সৃষ্টি হোৱা হেঁচাই ইয়াকে কৰিবলৈ বাধ্য কৰিলে বুলিও মন্ত্ৰীজনে মন্তব্য কৰে ৷ তেওঁ আৰু কয় যে হোম আইছ'লেচনত ক'ৱিড ৰোগীক থাকিবলৈ দিয়াটোৱে মৃতকৰ সংখ্যা বৃদ্ধি কৰিছে ৷

সম্প্ৰতি ৰাজ্যৰ ক'ৱিড মহামাৰীজনিত পৰিস্থিতি অতি গুৰুতৰ হৈছে বুলিও স্বাস্থ্য মন্ত্ৰী শৰ্মাই সকলোকে সতৰ্ক কৰি দিয়ে ৷ মানুহ সতৰ্ক আৰু সাৱধান নহ'লে কেৱল ল'ক-ডাউনেই পৰিস্থিতি নিয়ন্ত্ৰণ নকৰে বুলিও তেওঁ কয় ৷ "সকলোকে সাৱধান হ'বলৈ মই পুনৰ অনুৰোধ জনাইছো ৷ সকলোৱে সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক ৷ সকলোৱে সুৰক্ষামূলক নীতি-নিয়মাৱলী মানি চলক ৷ কেৱল ল'কডাউনেই সমাধান নহয়", স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয় ৷ তেওঁ লগতে অক্টোবৰত ক'ৱিড ৰোগীৰ সংখ্যা বৃদ্ধিৰো আশংকা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com