৯৪সংখ্যক ওপজা দিনত ডঃ হাজৰিকালৈ অগণনৰ শ্ৰদ্ধাঞ্জলী

সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই শিল্পীগৰাকীলৈ তেওঁৰ গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত প্ৰতিমূৰ্তিৰ কাষত শ্ৰদ্ধাঞ্জলী জনায় ৷
৯৪সংখ্যক ওপজা দিনত ডঃ হাজৰিকালৈ অগণনৰ শ্ৰদ্ধাঞ্জলী

মঙলবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ বুঢ়া লুইতৰ দুয়োপাৰৰ অসংখ্যজনৰ লগতে দেশ-বিদেশৰ অগণনজনে শ্ৰদ্ধাঞ্জলী জনায় ৷ কালি সুধাকণ্ঠৰ ৯৪সংখ্যক ওপজা দিন আছিল ৷ এই উপলক্ষে মানৱতাবাদী শিল্পীগৰাকীক অসংখ্যজনে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে ৷

সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই শিল্পীগৰাকীলৈ তেওঁৰ গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত প্ৰতিমূৰ্তিৰ কাষত শ্ৰদ্ধাঞ্জলী জনায় ৷ প্ৰতিমূৰ্তিত আছু কৰ্মীয়ে সামাজিক দূৰত্ব ৰক্ষাৰে মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জনায় ৷ একেদৰে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তি-বিশেষে মানৱতাবাদী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ গুৱাহাটীৰ জালুকবাৰীস্থিত তেওঁৰ সমাধিস্থলীতো অসংখ্যজনে শ্ৰদ্ধাঞ্জলী জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com