ৰাজ্যত বানৰ সমানে খহনীয়াৰো তাণ্ডবঃ ২৫শ গাঁও নিঃশেষ

দুৰ্যোগ ব্যৱস্থাপনাৰ আওতাত খহনীয়াৰ সমস্যাক সামৰি লোৱা নহয়। ফলত নৈৰ খহনীয়াৰ সমস্যা সমস্যা হৈয়ে ৰৈছে ৷
ৰাজ্যত বানৰ সমানে খহনীয়াৰো তাণ্ডবঃ ২৫শ গাঁও নিঃশেষ

ৰাজ্যত বানৰ সমানে খহনীয়াৰো তাণ্ডবঃ ২৫শ গাঁও নিঃশেষ

প্ৰতিবছৰে বাৰিষাত ৰাজ্যৰ বহু অঞ্চলত বানে তাণ্ডব চলায় । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বহুকেইখন উপনৈয়ে সৃষ্টি কৰি অহা বানৰ সমস্যা একপ্ৰকাৰ অপ্ৰতিৰোধ্য হৈ পৰিছে ৷ বানৰ সমান্তৰালভাবে বিগত কিছু বছৰত ৰাজ্যৰ কেতবোৰ অঞ্চলত নৈৰ খহনীয়ায়ো জটিল ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়া এক তথ্য অনুসৰি বিগত কিছুবছৰত খহনীয়াত ৰাজ্যৰ ২৫শ গাঁও নিশ্ছিন্ন হয় ৷ ফলত এই গাঁওসমূহত বাস কৰা কমেও চাৰি লক্ষ লোকে ঘৰ-বাৰী হেৰুৱাই স্থানচ্যুত হ'বলগা হয়। লক্ষ্যণীয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ আওতাত খহনীয়াৰ সমস্যাক সামৰি লোৱা নহয়। ফলত নৈৰ খহনীয়াৰ সমস্যা সমস্যা হৈয়ে ৰৈছে ৷ শেহতীয়া তথ্য অনুসৰি প্ৰতিবছৰে ৰাজ্যৰ আঠ হেজাৰ হেক্টৰ ভূমি নৈৰ খহনীয়াৰ কবলত পৰে ৷ এই ক্ষেত্ৰত আন এক লক্ষ্যণীয় কথা হ'ল যে বানাক্ৰান্ত লোকে চৰকাৰী সাহায্য লাভ কৰে যদিও খহনীয়া আক্ৰান্ত লোকে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰে ৷ মাথোঁ খহনীয়াত বাসগৃহৰ ক্ষতিসাধন হ'লেহে চৰকাৰী সাহায্য লাভ কৰে ৷ কিন্তু এই সাহায্য লাভৰ বাবে খহনীয়া আক্ৰান্তই নিজৰ পট্টা ভূমিত বাসগৃহ নিৰ্মাণ কৰিব লাগিব৷

আনহাতে, চৰকাৰে ৰাজ্যৰ ২৫টা অঞ্চলক খহনীয়া প্ৰবণ অঞ্চলৰূপে চিনাক্ত কৰিছে। এই খহনীয়া প্ৰবণ অঞ্চলসমূহৰ অন্যতম হৈছে ৰহমৰীয়া, পলাশবাৰী, মাটমৰা, মাজুলী, কাৰেং চাপৰি, লাহৰিঘাট আৰু বাঘবৰ ৷ ৰাজ্যৰ গৰাখহনীয়াৰ সমস্যা সম্পৰ্কত জলসম্পদ বিভাগৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাই কয় যে অসমত নৈৰ খহনীয়া সমস্যাৰ গভীৰতা বানতকৈ কোনোগুণে কম নহয় ৷ খহনীয়া গোটেই বছৰ হৈ থাকে ৷ গতিকে বানতকৈ এই সমস্যা অধিক জটিল ৷ দেশৰ আন ৰাজ্যৰ নৈৰসমূহৰ সৈতে অসমৰ নৈসমূহৰ চৰিত্ৰগত পাৰ্থক্য আছে ৷ এই কথা অনুধাৱন কৰাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে ।ফলত সমস্যাটোৰ কোনো সমাধানসূত্ৰ ওলোৱা নাই ৷ আৰম্ভণিৰে পৰা জলসম্পদ বিভাগে কেৱল বান সমস্যা নিৰাময়তহে গুৰুত্ব আৰোপ কৰি আহিছে ৷

ইপিনে, বিগত কিছুদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বহুকেইখন উপনৈ ফেনেফুটুকাৰে বাঢ়ি আহি বুৰাই পেলাইছে ৰাজ্যৰ কে'বাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে সৃষ্টি হোৱা এই আকস্মিক বানত নৈপৰীয়া জনতাৰ মাজত হাহাকাৰ লাগিছে ৷ শেহতীয়া তথ্য অনুসৰি ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, দৰং আৰু গোৱালপাৰা জিলাৰ কমেও ৩০হেজাৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰী তথ্য অনুসৰি এই আকস্মিক বানত এই জিলাসমূহৰ ১২৭গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৫৭৯ হেক্টৰ কৃষিভূমি বানৰ পানীত বুৰ গৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com