হঠাৎ খাদ্যবস্তুৰ মূল্যবৃদ্ধিঃ অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যত দিশহাৰা গ্ৰাহক

এই ব্যৱসায়ীসকলে নিজা খেয়ালখুচি অনুসৰি আলু আৰু পিঁয়াজৰ দাম বৃদ্ধি কৰিছে
হঠাৎ খাদ্যবস্তুৰ মূল্যবৃদ্ধিঃ অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যত দিশহাৰা গ্ৰাহক

হঠাৎ বিভিন্ন অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ তড়িত গতিত মূল্যবৃদ্ধি ঘটিছে ৷ দেওবাৰে গুৱাহাটীৰ বজাৰত আলু আৰু পিঁয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০ৰ পৰা ৫৫টকা হয় ৷ একেদৰে মিঠাতেলৰ বিভিন্ন ব্ৰেণ্ডৰ দামো বৃদ্ধি পাইছে ৷ ফলত বহু গ্ৰাহকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ কাৰণ ক'ৰ'না প্ৰতিৰোধৰ বাবে ঘোষিত তলাবন্ধৰ সময়ছোৱাত বহুতৰে আয় হ্ৰাস পায় বা বহুতৰে আয় শূন্য হয়। অভিযোগ অনুসৰি পিঁয়াজ আৰু আলুক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰাত ইয়াৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷

এই ব্যৱসায়ীসকলে নিজা খেয়ালখুচি অনুসৰি আলু আৰু পিঁয়াজৰ দাম বৃদ্ধি কৰিছে ৷ ফলত মহানগৰীৰ বজাৰত প্ৰতি কিলোগ্ৰাম আলু আৰু পিঁয়াজৰ মূল্য ৫০-৫৫টকা হৈছে ৷ আনহাতে, গুৱাহাটীৰ বজাৰত ২৫০গ্ৰাম শাক-পাচলি ২৫-৩০টকা দৰত বিক্ৰী হৈছে ৷

একেদৰে মিঠাতেলৰ ভিন্ন ব্ৰেণ্ডৰ দাম ভিন্ন হৈছে ৷ এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হোৱা সম্পৰ্কত এগৰাকী গৃহিনীয়ে কয়, " খাদ্যবস্তু ক্ৰয় কৰাটো আমাৰ সাধ্যৰ অতীত হৈছে ৷ কিছুমান বস্তু আমি নিকিনাকৈ থাকিব নোৱাৰো ৷ বিশেষকৈ শিশু সন্তান আৰু বয়স্কসকলৰ কেতবোৰ খাদ্যবস্তু ৷ আমি উপায়বিহীন হৈ পৰিছো ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com