প্ৰধানমন্ত্ৰীৰ ২০লাখ কোটিৰ পেকেজঃ কৃষি-সহযোগী খণ্ডৰ বাবে কি আছে

কৃষিপামৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এফ পি অ’ৰ বাবে এক লাখ কোটি টকা মুকলি কৰিব
প্ৰধানমন্ত্ৰীৰ ২০লাখ কোটিৰ পেকেজঃ কৃষি-সহযোগী খণ্ডৰ বাবে কি আছে

প্ৰধানমন্ত্ৰীৰ ২০লাখ কোটিৰ পেকেজঃ কৃষি-সহযোগী খণ্ডৰ বাবে কি আছে ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০লাখ কোটি টকীয়া পেকেজত কৃষি আৰু ইয়াৰ সংলগ্ন ক্ষেত্ৰসমূহৰ বাবে কি আছে ? আজি শুকুৰবাৰে ইয়াৰ বাখ্যা আগবঢ়ালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে কৃষি আৰু সংলগ্ন খণ্ডসমূহৰ বাবে ১১টা পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ মোদীৰ ২০লাখ কোটি টকীয়া পেকেজৰে এই সামৰি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে । স্ব-নিৰ্ভৰ ভাৰত অভিযানত সামৰি গ্ৰহণ কৰা হৈছে এই আঁচনিসমূহ ৷ সংবাদমেলত বিত্ত মন্ত্ৰীয়ে কয় যে চলিত তলাবন্ধৰ সময়ছোৱাত কেন্দ্ৰই ন্যূনতম সমৰ্থন মূল্য (MSP)ত ৭৪,৩০০ কোটিৰো অধিক টকাত কৃষিজাত সামগ্ৰী ক্ৰয় কৰিছে ৷ সম্প্ৰতি কেন্দ্ৰই কৃষকসকলৰ কৃষিপামৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এফ পি অ'ৰ বাবে এক লাখ কোটি টকা মুকলি কৰিব ৷ "এই পুঁজিয়ে কৃষি ষ্টাৰ্ট আপসমূহৰ আন্তঃগাঁথনিগত সমস্যা দূৰ কৰিব," মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ৷ তেওঁ লগতে কয় যে ক্ষুদ্ৰ খাদ্য প্ৰতিষ্ঠানসমূহ(Micro food Enterprises)ক আনুষ্ঠানিকৰণৰ বাবে কেন্দ্ৰই ১০হেজাৰ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিব ৷ আনহাতে, মীনপালকসকলৰ বাবে ৰূপায়িত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ২০হেজাৰ কোটি টকা ব্যয় কৰিব ৷ ইয়াৰ জৰিয়তে উক্ত যোজনাৰ অধীনত ৫৫লাখ লোকে নিয়োজনৰ সুবিধা লাভ কৰিব ।

ইপিনে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে আজি কয় যে পশুপালন আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ বাবে ১৫হেজাৰ কোটি টকাৰ এক পুঁজি গঠন কৰা হ'ব ৷ তদুপৰি ১০লাখ হেক্টৰ ভূমি বনৌষধ কৃষিৰ বাবে লোৱা হ'ব ৷ ইয়াৰ বাবে আগন্তুক দুবছৰত চাৰি হেজাৰ কোটি টকা ব্যয় কৰা হ'ব ৷ ইয়াৰ জৰিয়তে কৃষকসকলৰ বাবে পাঁচ হেজাৰ কোটি টকা আহৰণ কৰিব পৰা যাব বুলি বিত্ত মন্ত্ৰী সীতাৰমণে দাবী কৰে ৷ ইপিনে, মৌপালনৰ বাবে পাঁচশ কোটি টকা ব্যয় কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷ সীতাৰমণে কয় যে এই পুঁজি সংহত মৌ পালনৰ সৈতে জড়িত কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন, মৌৰস সংগ্ৰহ আৰু বিপনন, জমা কেন্দ্ৰ আদিৰ উন্নয়নত ব্যয় কৰা হ'ব ৷ আনহাতে, তেওঁ কয় যে ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব'ৰ্ডে গংগা নৈৰ পাৰত ঔষধি উদ্ভিদ ৰোপণৰ ব্যৱস্থা কৰিব ৷

ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী সীতাৰমণে কালি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দুমাহৰ বাবে বিনামূলীয়া খাদ্যবস্তু যোগান ধৰা হ'ব বুলি ঘোষণা কৰে ৷ ইয়াৰ বাবদ কেন্দ্ৰৰ ৩৫শ কোটি টকা ব্যয় হ'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ইয়াৰ জড়িয়তে সমগ্ৰ দেশত আঠ কোটি প্ৰব্ৰজনকাৰী শ্ৰমিক উপকৃত হ'ব ৷ আনহাতে, পৰহি সীতাৰমণে কয় যে MSME অৰ্থাৎ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি ১ কোটি মূলধন আৰু ১০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক অতি ক্ষুদ্ৰ, ১০ কোটিৰ মূলধন আৰু ৫০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যেগসমূহক ক্ষুদ্ৰ আৰু ২০ কোটিৰ মূলধন তথা ১০০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক মধ্যমীয়া উদ্যোগ হিচাপে ধৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com