নাগালেণ্ড হত্যা : ৮টা জনজাতিৰ হর্ণবিল ত্যাগ কৰাৰ সিদ্ধান্ত

ৰাজ্যখনৰ প্ৰায় ৮টা জনজাতিয়ে ৰাজ্য খনত প্ৰতি বছৰে উদযাপন কৰা হৰ্ণবিল উৎসৱ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
নাগালেণ্ড হত্যা : ৮টা জনজাতিৰ হর্ণবিল ত্যাগ কৰাৰ সিদ্ধান্ত

নাগালেণ্ড ৰাজ্যৰ মন জিলাত যোৱা দেওবাৰে সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ বিৰোধিতা কৰি, ৰাজ্যখনৰ প্ৰায় ৮টা জনজাতিয়ে ৰাজ্য খনত প্ৰতি বছৰে উদযাপন কৰা হৰ্ণবিল উৎসৱ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তথ্য অনুসৰি এই স্থানত সংঘটিত হোৱা অমানৱীয় ঘটনাৰ ওপৰত ভিত্তি কৰি ইষ্টাৰ্ণ নাগালেণ্ড পিপলচ অৰ্গেনাইজেচনৰ প্ৰতিনিধিত্ব কৰা ৬টা জনজাতিয়ে, এই বছৰেকীয়া উৎসৱ ত্যাগ কৰাৰ কথাত সন্মতি প্ৰকাশ কৰিছে।

এই সংগঠনটিয়ে নিজৰ অধীনত থকা মুঠ ৬টা জনজাতিকে এই উৎসৱত অংশগ্ৰহণ নকৰিব বাবে নিৰ্দেশ জাৰী কৰিছে। আৰু লগতে এই নিৰ্দেশ অনতি পলমে পালন কৰিবলৈ উপদেশ দিছে।

সংৰক্ষণ বাহিনীৰ দ্বাৰা কিছু নিৰ্দোষী লোকক এনেদৰে হত্যা কৰাৰ দৰে ঘৃণনীয় কাণ্ডৰ প্ৰতি তীব্ৰ ভাৱে গৰিহণা প্ৰকাশ কৰি, লঠা হ'হ আৰু চুমী হ'হৰ দৰে জনজাতি সমূহে, পৰবৰ্তী অধিসূচনা জাৰী নোহোৱা পৰ্যন্ত এই উৎসৱ সমূহত অংশগ্ৰহণ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঘটনা ক্ৰমে যোৱা দেওবাৰে, মন জিলাৰ, টোৰো গাওঁত সংৰক্ষণ বাহিনীৰ দলে ইচ্ছাকৃত ভাৱে হত্যা কৰে মুঠ ১৩গৰাকী নিৰ্দোষী লোকক। যাৰ এই স্থানৰ সৃষ্টি হয় এক চিন্তাজনক পৰিস্থিতিৰ।

খবৰ অনুসৰি সংৰক্ষণ বাহিনীৰ দলে মৃতক ১৩গৰাকী ব্যক্তিক নেচনেল চচিয়ালিষ্ট কাউন্সিল অফ নাগালেণ্ড (NSCN) ৰ সদস্য হিচাপে ভুল ধাৰণা কৰিছিল, আৰু ইয়াৰ ফল স্বৰূপে ঘটিছিল এই নৃশংসনীয় কাণ্ড।

এই কাণ্ড সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্য খনত সৃষ্টি হয় এক চিন্তাজনক পৰিস্থিতিৰ। পৰবৰ্তী সময়ত ৰাজ্য খনৰ মুখ্য মন্ত্ৰী নেইফিও ৰিওয়ে সকলোকে শান্তিৰ পৰিবেশ বজাই ৰাখিবলৈ আহ্বান জনাইছে।

খবৰৰ মতে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লুক ৰস্তলৈ উলাই আহে আৰু মৃতক লোক সকলক নিৰ্দোষী হিচাপে দাবী প্ৰকাশ কৰে। স্থানীয় লোকসকলে প্ৰকাশ কৰে যে মৃতক সকল ওচৰৰে কয়লা খনিৰ পৰা ঘৰলৈ উভতিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com