উদ্যোগ-প্ৰতিষ্ঠানসমূহক সংবেদনশীল হোৱাৰ পৰামৰ্শ ৰতন টাটাৰ

ক’ৰ’না মহামাৰীৰ প্ৰকোপ অন্ত পৰাৰ পাছত ব্যৱসায়ৰ নতুন পদ্ধতি গ্ৰহণ কৰিব লাগে বুলি টাটাই মতপোষণ কৰে।
উদ্যোগ-প্ৰতিষ্ঠানসমূহক সংবেদনশীল হোৱাৰ পৰামৰ্শ ৰতন টাটাৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ ফলত সৃষ্ট আৰ্থিক সংকট মোচনৰ বাবে কৰ্মচাৰীক কৰ্ম অথবা চাকৰিৰ পৰা অব্যাহতি দিয়াটোৱেই শেষ উপায় নহয়। এই মন্তব্য কৰিছে বিখ্যাত টাটা প্ৰতিষ্ঠানৰ অবৈতনিক মুৰব্বী তথা প্ৰখ্যাত উদ্যেগপতি পতন টাটাই। উল্লেখ্য যে বহু ব্যক্তিগত আৰ্থিক সংকটৰ পৰিপ্ৰেক্ষিতত ব্যয় সংকোচনৰ উদ্দেশ্য কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লেখীয়া কঠোৰ সিদ্ধান্ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে অৱস্থাতে প্ৰখ্যাত উদ্যেগপতি টাটাই কয় যে কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দি সংকট মোচন কৰিব বিচৰাটো সমাধানৰ উপায় হব নালাগে। তাৰ পৰিৱৰ্তে ক'ৰ'না মহামাৰীৰ প্ৰকোপ অন্ত পৰাৰ পাছত ব্যৱসায়ৰ নতুন পদ্ধতি গ্ৰহণ কৰিব লাগে বুলি টাটাই মতপোষণ কৰে। লক্ষ্যণীয় যে তলাবন্ধৰ ফলত টাটা গ্ৰুপো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৱে শীৰ্ষ পৰ্যায়ৰ ব্যৱস্থাপনা মণ্ডলীৰ বেতন ২০ শতাংশ পৰ্যন্ত কৰ্তন কৰিছে।

এনে অৱস্থাতে টাটাই উদ্যোগ-প্ৰতিষ্ঠানসমূহক উদ্দেশ্যি কয়, "আপোনালোকে তিষ্ঠি থাকিবৰ বাবে নিকা আৰু নীতি-নিষ্ঠ ব্যৱস্থা গ্ৰহণ কৰক। কেতবোৰ নিৰ্দিষ্ট ধৰণেৰে এজন ব্যক্তিয়ে ব্যৱসায়-বাণিজ্য কৰিব নোৱাৰে। আৰু আপোনালোক সংবেদশীল নহ'লে আপোনালোকৰ সৈতে জড়িতসকল জীয়াই থাকিব নোৱাৰিব"।ব্যৱসায় কৰিলেও মানবীয়তা বৰ্তাই ৰখা উচিত বুলি আওপকীয়াকৈ মন্তব্য কৰি প্ৰবীণ উদ্যোগপতিজনে লগতে কয়, " ব্যৱসায় কেৱল ধন ঘটাৰ আহিলাই নহয়। উদ্যোগ-প্ৰতিষ্ঠানসমূহে গ্ৰাহক আৰু অংশীদাৰসকলৰ বাবে সঠিক কৰ্ম কৰা উচিত"।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com