কৱিড-১৯পৰীক্ষাঃ ফলাফল নিগেটিভ হ'ল উপায়ুক্ত পেগুৰ

বুধবাৰে পুৱা ১০-৩০বজাত তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়৷
কৱিড-১৯পৰীক্ষাঃ ফলাফল নিগেটিভ হ'ল উপায়ুক্ত পেগুৰ

ক'ৱিড-১৯পৰীক্ষাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ ফলাফল নিগেটিভ হৈছে ৷ ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধত জিলা প্ৰশাসনক নেতৃত্ব প্ৰদান কৰি থকা উপায়ুক্তগৰাকী সম্ভাৱ্য ক'ৰ'না ৰোগীৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ নমুনা পৰীক্ষাত অৱতীৰ্ণ হয় ৷ নমুনা পৰীক্ষাত তেওঁৰ ফলাফল নিগেটিভ হৈছে ৷ অৰ্থাৎ তেওঁৰ শৰীৰত নতুন ক'ৰ'না ভাইৰাছৰ অৱস্থিতি নাই ৷ দুদিন পূৰ্বে উপায়ুক্ত পেগুৰ নমুনা পৰীক্ষা কৰা হয় ৷ আজি বুধবাৰে পুৱা ১০-৩০বজাত তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, উপায়ুক্ত পেগু আৰু তেওঁৰ গোটেই পৰিয়ালৰ নমুনা পৰীক্ষা কৰা হয় ৷ তেওঁলোকৰ সকলোৰে ফলাফল নিগেটিভ ওলাইছে ৷

উল্লেখ্য যে ক্ৰমে গুৱাহাটীৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হ'বলৈ ধৰিছে । ইয়াৰ মাজতে সুখবৰ হ'ল যে আই আই টি গুৱাহাটীয়ে এটা ভি টি এম যন্ত্ৰ তৈয়াৰ কৰিছে ৷ স্থানীয়ভাবে এনে ১২হেজাৰ যন্ত্ৰ তৈয়াৰ কৰা হ'ব ৷ ইয়ে ক'ৰ'নাৰ নমুনা পৰীক্ষাত সহায় কৰিব বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰে ৷ পূৰ্বে অসমে এনে সঁজুলিৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল বুলি মন্ত্ৰী শৰ্মাই আৰু কয় যে এনে এটা সঁজুলিৰ দাম ২০৬টকা ৷ কিন্তু আই আই টি গুৱাহাটীৰ পৰা ৰাজ্য চৰকাৰে এটা সঁজুলি ১০৪ টকাত আই আই টি গুৱাহাটীৰ পৰা লাভ কৰিব বুলি তেওঁ সদৰী কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com