কাইলৈ বিশ্বকৰ্মা পূজাঃ উপায়ুক্ত পেগুৰ নীতি-নিৰ্দেশনা জাৰি

মহানগৰ প্ৰশাসনে পূজাৰ সময়ত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে কেনেধৰণৰ নীতি-নিয়ম পালন কৰিব লাগিব, তাৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।
কাইলৈ বিশ্বকৰ্মা পূজাঃ উপায়ুক্ত পেগুৰ নীতি-নিৰ্দেশনা জাৰি

কাইলৈ বিশ্বকৰ্মা পূজা ৷ ক'ৰ'না মহামাৰীয়ে চৌদিশে সৃষ্টি কৰা বিভীষিকাৰ পৰিপ্ৰেক্ষিতত পূজাৰ পৰিৱেশ সেমেকা ৷ এনে অৱস্থাতো বহুজনে পৰম্পৰা ৰক্ষা কৰি পূজাৰ আয়োজন কৰিছে ৷ আনহাতে, পূজা পালনৰ ফলত ক'ৰ'নাৰ সংক্ৰমণ অধিক বৃদ্ধি নাপায়, তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজাৰ সময়ত ক'ৰ'না প্ৰতিৰোধৰ বাবে কেনেধৰণৰ নীতি-নিয়ম পালন কৰিব লাগিব, তাৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ পূজা আয়োজনৰ সময়ত সংশ্লিষ্টসকলে এই নীতি-নিয়মসমূহ মানি চলিব লাগিব ৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জাৰি কৰা এই নীতি-নিৰ্দেশনাসমূহ এনেধৰণৰঃ

ক) পূজা বুলি কোনো ঠাইতে মানুহৰ সমাৱেশ ঘটিব নোৱাৰিব৷

খ) এখন পূজাস্থলীত মাথোঁ তিনিজন ব্যক্তিহে সমবেত হ'ব পাৰিব ৷

গ) পূজা মণ্ডপৰ বাহিৰে-ভিতৰে সৰ্বাধিক ১৫জন মানুহহে গোট খাব পাৰিব ৷

ঘ) পূজাস্থলীত সমবেত সকলোৱেই মাস্ক পৰিধান কৰিব লাগিব ৷

ঙ) পূজাস্থলীত খিচিৰৰ দৰে খাদ্য পৰিৱেশন কৰিব নোৱাৰিব ৷

চ) খিচিৰি জাতীয় খাদ্যৰ পৰিৱৰ্তে শুকান খাদ্য বিতৰণ কৰিবলৈ প্ৰশাসনে পূজাৰ আয়োজকসকলৰ প্ৰতি আহ্বান জনাইছে ৷

ঙ) পূজাস্থলী লাইট আদি ব্যৱহাৰেৰে জাক-জমক কৰি সজাই-পৰাই তুলিবলৈ দিয়া নহ'ব ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com