উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ খনন বন্ধৰ প্ৰতিবাদঃ উত্তাল মাৰ্ঘেৰিটা

কয়লা খনন বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি স্থানীয় লোকসহ বহুসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ খনন বন্ধৰ প্ৰতিবাদঃ উত্তাল মাৰ্ঘেৰিটা

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ খনন বন্ধৰ প্ৰতিবাদঃ উত্তাল মাৰ্ঘেৰিটা

দিহিং-পাটকাইক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে উত্তৰ-পূব কয়লা ক্ষেত্ৰত কয়লা খনন বন্ধ হোৱাক লৈ আজি প্ৰতিবাদত উত্তাল হয় মাৰ্ঘেৰিটা ৷ ভাৰতীয় কয়লা প্ৰাধিকৰণৰ অধীনৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰত কয়লা খনন বন্ধ হোৱাত সহস্ৰাধিকৰ জীৱিকাৰ সম্বল হানি হোৱাৰ উপক্ৰম ঘটিছে ৷ সেয়েহে কয়লা খনন বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি স্থানীয় লোকসহ বহুসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি প্ৰতিবাদকাৰীয়ে ক'ৰ'না নিয়ন্ত্ৰণৰ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নীতি-নিয়ম ভংগ কৰাৰ উপক্ৰম ঘটে ৷ অৱশ্যে বাধ্যত পৰাৰ বাবেহে এনে পৰিস্থিতিৰ অৱতাৰণা ঘটিল বুলি মন্তব্য কৰি এজন প্ৰতিবাদকাৰীয়ে সাংবাদিকক কয়, " আমি ক্ষমাপ্ৰাৰ্থী ৷ কাৰণ বাধ্যত পৰিহে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমাৰ কিছু ত্ৰুটি-বিচ্যুতি ঘটিল ৷" প্ৰতিবাদকাৰীজনে লগতে কয় যে কয়লা খনন বন্ধ ৰখাৰ ফলত মাৰ্ঘেৰিটাৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে ৷ কাৰণ মাৰ্ঘেৰিটাৰ অৰ্থনীতি ঘাইকৈ কয়লা খননত নিৰ্ভৰশীল বুলি তেওঁ মন্তব্য কৰে ৷

ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় সিং আৰু ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ এখন পীঠে দিহিং-পাটকাই কয়লা খনন সন্দৰ্ভত এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে । বিচাৰপীঠে অহা ১৪জুনৰ ভিতৰত শপতনামাযোগে স্থিতি জনাবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ক'ল ইণ্ডিয়া লিমিটেডক নিৰ্দেশ দিছে ৷ উল্লেখ্য যে এই কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত বহুসংখ্যক জনস্বাৰ্থজড়িত আবেদন(পি আই এল)দাখিল হৈছে ৷ ইয়াৰে প্ৰথমখন আবেদন যোৱা ২৬মে'ত দাখিল কৰে মৃণ্ময় খাটনিয়াৰ আৰু অমৰজ্যোতি ডেকাই ।এই সম্পৰ্কত দ্য ছেণ্টিনেল ডিজিটেলক মৃণ্ময় খাটনীয়াৰে কয়, " ২৬মে'ত দই আৰু অমৰজ্যোতি ডেকাই পি আই এল দাখিল কৰো ৷ তাৰ পাছতে ৩০মে'ত অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বিক্ৰম ৰাজখোৱাই আন এখন পি আই এল দাখিল কৰে ৷ আমাক ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছে ডি কে দাস আৰু আৰ এছ চৌধুৰীয়ে ৷ সম্প্ৰতি ন্যায়ালয়ে নিজাববীয়া গোচৰ লৈছে ৷" খাটনীয়াৰে লগতে কয় যে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি দিলে অঞ্চলটোত বৃহৎ নেতিবাচক প্ৰভাৱ পৰিব ৷ "কয়লা খননৰ অনুমতি দিলে বন্যপ্ৰাণীৰ বসতিস্থল ধ্বংস হ'ব ৷ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব," খাটনীয়াৰে এইদৰেও কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com