ক'ৰ'নাত আক্ৰান্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

মন্ত্ৰীজনে লগতে তেওঁৰ সংস্পৰ্শলৈ বিগত কিছুদিনত অহা লোকসকলক নমুনা পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।
ক'ৰ'নাত আক্ৰান্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল আৰু এজন কেন্দ্ৰীয় মন্ত্ৰী। প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী ক'ৰ'না পজিটিভ হৈছে। শনিবাৰে মন্ত্ৰীজনে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে। হিন্দীত লিখা এটা টুইটত তেওঁ কয়, " মোৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠাত যোৱা নিশা নমুনা পৰীক্ষা কৰা হয়।

এই পৰীক্ষাৰ ফলাফল পজিটিভ হৈছে"। মন্ত্ৰীজনে লগতে তেওঁৰ সংস্পৰ্শলৈ বিগত কিছুদিনত অহা লোকসকলক নমুনা পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে। ইপিনে, পূৰ্বে ক'ৰ'না পজিটিভ হোৱা বলিউডৰ অভিনেতা অভিষেক বচ্চন সুস্থ হৈ ঘৰমুৱা হৈছে। শেহতীয়া নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com