বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ

তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ

বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যৰ সৰ্বত্ৰে আলোড়ন সৃষ্টি কৰা এই অগ্নিকাণ্ডৰ বিষয়টোক লৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ দুয়োৰে আলোচনাৰ সময়ত মোদীয়ে এই অগ্নিকাণ্ডৰ ভুক্তভোগী সকলোকে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সোণোৱালে বিষয়টো প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মূহূৰ্তৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰা তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত লগা জুই নুমুৱাৰ বাবে ভাৰতীয় বায়ু সেনাৰ সহায় বিচাৰে ৷ অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ এই তৈল ক্ষেত্ৰত পুনৰ অগ্নিকাণ্ডৰ হোৱাৰ খবৰ পোৱাৰ পাছতে সোণোৱালে পৰিস্থিতিৰ বুজ লয় ৷ ইতিমধ্যে এই অগ্নিকাণ্ড কাণ্ড সন্দৰ্ভত পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও টেলিফোনতে আলোচনাত মিলিত হয় ৷ তদুপৰি তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও বিষয়টোক লৈ আলোচনাত মিলিত হয় ৷ এই আলোচনাৰ সময়ত তেওঁ বাঘজান তৈল ক্ষেত্ৰৰ জুই নুমুওৱাৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙক অনুৰোধ জনায় ৷ পাছত এই কথা সদৰী কৰি সোণোৱালে সাংবাদিকৰ আগত কয়, " বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰিছো ৷ মই তেওঁক এই অগ্নি-নিৰ্বাপনৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ অনুৰোধ জনালো ৷" তেওঁ লগতে কয় যে স্থানীয় লোকৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰশাসন, আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী আদিক প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, এই সমস্যা সমাধানৰ বাবে অহা বিদেশী বিশেষজ্ঞসকলে পৰিস্থিতিৰ বুজ লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে তিনিচুকীয়া জিলা প্ৰশাসনক স্থানীয় লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে অইল ইণ্ডিয়া নিগমৰ অধীনৰ এই তৈল ক্ষেত্ৰত যোৱা ২৭মে'তো এক বিধ্বংসী অধিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই অগ্নিকাণ্ডৰ ফুটেজত জুয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে । ২৭মে'ৰ অগ্নিকাণ্ডৰ ফলত তৈলক্ষেত্ৰখনৰ পৰা প্ৰচুৰ তেল আৰু গেছ নিৰ্গত হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com