গুৱাহাটীত নটা কণ্টেইনমেণ্ট জ'নঃ সবিশেষ জানো আহক

এই কণ্টেইনমেণ্ট জ'নসমূহ ফাঁচীবজাৰ, ফটাশিল আমবাৰী, পাণবজাৰ আদি অঞ্চলত আছে
গুৱাহাটীত নটা কণ্টেইনমেণ্ট জ'নঃ সবিশেষ জানো আহক

গুৱাহাটীত নটালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যাঃ উপায়ুক্ত পেগু

কামৰুপ(মহানগৰ)জিলাত এজনৰ পাছত আনজনকৈ ১৫জনৰো অধিক ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হোৱাত কণ্টেইনমেণ্ট জ'নৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই কথা সদৰী কৰি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে সম্প্ৰতি গুৱাহাটীত মুঠ কণ্টেইমেণ্ট জ'নৰ সংখ্যা ৯টা ৷ উল্লেখ্য যে যোৱা মঙলবাৰৰ পৰা গুবাহাটীত ১৫জনৰো অধিক ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হৈছে ।গতিকে কণ্টেইমেণ্ট জ'নৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে , এই কণ্টেইনমেণ্ট জ'নসমূহ ফাঁচীবজাৰ, ফটাশিল আমবাৰী, পাণবজাৰ আদি অঞ্চলত আছে ।ইতিমধ্যে ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জ'নসমূহ ছীল কৰিবলৈ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে ৷

কণ্টেইমেণ্ট জ'নসমূহঃ

১) কুমাৰাপাৰা (এজন ক'ৱিড ৰোগী চিনাক্ত)৷ এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা এনেধৰণৰঃ ৰূপনগৰ উপ-পথৰ পৰা উত্তৰলৈ। ডিম্বেশ্বৰ দাস আৰু অন্যান্যসকলৰ বাসভৱনৰ পৰা দক্ষিণলৈ। ভিক্তৰ বৈশ্য আৰু অন্যান্যসকলৰ বাসভৱনৰ পৰা পূবলৈ আৰু পূৰৱী শৰ্মা আৰু অন্যান্যসকলৰ বাসভৱনৰ পৰা পশ্চিমলৈ।

২) ফাঁচীবজাৰৰ হোটেল ৰাজকমলৰ চাৰিওকাষৰ কণ্টেইনমেণ্ট জ'নৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। এম জি ৰ'ডৰ পৰা উত্তৰলৈ এই কণ্টেইনমেণ্ট জ'ন বৃদ্ধি কৰা হৈছে। একেদৰে জেইল ৰোড/জয় নাৰায়ন ৰোডৰ পৰা দক্ষিণলৈ ৷ এছ আৰ চি বি ৰোডৰ পৰা পূবলৈ আৰু চেম্বাৰ্ছ অৱ কমাৰ্চ ৰোডৰ পৰা পশ্চিমলৈ।

৩) ফটাশিল জি এছ ক'লনী ৷ এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা এনেধৰণৰঃ বিভা মিশ্ৰৰ আৰ চি এম কমপ্লেক্সৰ পৰা উত্তৰলৈ। গুৰুচৰণ শৰ্মা ৰোডৰ পৰা দক্ষিণলৈ। শনি মন্দিৰ তিনিআলিৰ পৰা পূবলৈ আৰু ফটাশিল ৰোডৰ পৰা পশ্চিমলৈ ৷

৪)পাণবজাৰ ৰেলৱে ক'লনী। এই কণ্টেইনমেণ্ট জ'ন এনেধৰণৰঃ ক'লনী ৰোডৰ পৰা উত্তৰলৈ ৷ ৰেলৱে ক'লনী ৰোডৰ পৰা দক্ষিণলৈ। জি আৰ পি ক'লনীৰ পৰা পূবলৈ আৰু ৰেলৱে হায়াৰ ছেকেণ্ডাৰী ৰোডৰ পৰা পশ্চিমলৈ ।

৫) ভৰলুমুখৰ শান্তিপুৰ অঞ্চল ৷ এই কণ্টেইমেণ্ট জ'নৰ চাৰিসীমা এনেধৰণৰঃ পূবালী পথৰ পৰা উত্তৰলৈ। কৰুণা পাঠক শৰ্মাৰ খালী মাটিৰ পৰা দক্ষিণলৈ ৷ প্ৰণব শৰ্মাৰ বাসভৱনৰ পৰা পূবলৈ আৰু অৰুণ শৰ্মাৰ বাসভৱনৰ নিৰ্দিষ্ট অংশৰ পৰা পশ্চিমলৈ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com