জুবীন গাৰ্গৰ কোনো সামাজিক দায়িত্বশীলতা নাইঃ সাংসদ ভূঞা

ভূঞায়ো কা-বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল।
জুবীন গাৰ্গৰ কোনো সামাজিক দায়িত্বশীলতা নাইঃ সাংসদ ভূঞা

জনপ্ৰিয় সংগীত শিল্পী জুবীন গাৰ্গৰ শেহতীয়া স্থিতিক লৈ ৰাজ্য একপ্ৰকাৰ উত্তাল হৈ থকাৰ সময়তে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ সভাৰ সাংসদ তথা প্ৰাক্তন সাংবাদিক অজিত কুমাৰ ভূঞাই। শিল্পীগৰাকীৰ শেহতীয়া কঠোৰ ভাষাৰে সমালোচনা কৰি সাংবাদিক ভূঞাই কয় যে জুবীন গাৰ্গৰ সামাজিক দায়িত্বশীলতা নাই। নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী আন্দোলনত সক্ৰিয়ভাবে অংশ লৈ একপ্ৰকাৰ এই আন্দোলনক নেতৃত্ব প্ৰদান কৰা শিল্পী জুবীনক কঠোৰ ভাষাৰে থকা-সৰকা কৰি সাংসদজনে আৰু কয়, " জুবীন গাৰ্গ এজন সংগীত শিল্পী। কিন্তু তেওঁৰ কোনো সামাজিক দায়িত্বশীলতা নাই। মই তেওঁৰ শেহতীয়া স্থিতিক লৈ সুখী নহয়"।

উল্লেখ্য যে জুবীনক ৰাজ্যৰ কৃষি বিভাগে শেহতীয়াভাবে ব্ৰেণ্ড এম্বেছাডৰৰূপে নিয়োগ কৰিছে। জুবীন গাৰ্গ , তেওঁৰ পত্নী আৰু কিছুসংখ্যক সতীৰ্থই কিছুদিন পূৰ্বে কৃষি মন্ত্ৰী অতুল বৰাক সাক্ষাত কৰে। ইয়াৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ আছে। সম্প্ৰতি বিযয়টোক লৈ সাংসদ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভূঞায়ো কা-বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com