ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীত নিয়োজিত আৰক্ষী বিষয়া

কেতবোৰ কণ্টেইনমেণ্ট জ’নত দায়িত্ব পালনৰ পাছত বিযয়াজনৰ শৰীৰত এই বীজাণু ধৰা পৰিছে
ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীত নিয়োজিত আৰক্ষী বিষয়া

ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীত নিয়োজিত আৰক্ষী বিষয়া

ৰাজ্যত উদ্বেগজনকভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটীত নিয়োজিত এজন আৰক্ষীৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। ক'ৰ'না আক্ৰান্ত এই আৰক্ষী বিষয়াজন পাণবজাৰ থানাত উপ-পৰিদৰ্শকৰূপে নিয়োজিত। এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, কেতবোৰ কণ্টেইনমেণ্ট জ'নত দায়িত্ব পালনৰ পাছত বিযয়াজনৰ শৰীৰত এই বীজাণু ধৰা পৰিছে। ইয়াৰ পূৰ্বে তেওঁক গুৱাহাটীৰ বিশ্বৰত্ন হোটেলত পাঁচদিনৰ বাবে কোৱাৰেণ্টিন কৰা হয়। শুকুৰবাৰে তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com