জন্মদিৱসত মহাবীৰ লাচিত বৰফুকনলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ শ্ৰদ্ধাঞ্জলী

এই ভিডিঅত মুখ্যমন্ত্ৰীগৰাকীক মহাবীৰ লাচিতৰ ফটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলী জনোৱা দেখিবলৈ পোৱা গৈছে
জন্মদিৱসত মহাবীৰ লাচিত বৰফুকনলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ শ্ৰদ্ধাঞ্জলী

 মহাবীৰ লাচিত বৰফুকনলৈ আজি ২৪ নৱেম্বৰত জন্মদিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাঞ্জলী জনায়। মুখ্যমন্ত্ৰী সোণোৱালে মহাবীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ এটা ভিডিঅ তেওঁৰ টুইটাৰ একাউণ্টত আপলোড কৰিছে। এই ভিডিঅত মুখ্যমন্ত্ৰীগৰাকীক মহাবীৰ লাচিতৰ ফটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলী জনোৱা দেখিবলৈ পোৱা গৈছে। লগতে এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয়, " আহোম সেনাপ্ৰধান বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলী জনাইছো।

শৰাইঘাটৰ যুদ্ধত দৃষ্টান্তমূলক দেশপ্ৰেম আৰু সাহসেৰে তেওঁ ইতিহাসত সোণালী আখৰেৰে নাম খোদিত কৰি থৈ গল"। সোণোৱালে আৰু কয়, দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন, জাতিৰ বুকুত জগাই তুলিলা দুৰ্মদ যৌৱন। (নৱকান্ত বৰুৱা) অসমীয়াৰ বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনৰ অতুল সাহস-দেশপ্ৰেমে চিৰকাল লুইতপৰীয়াক সঞ্জীৱিত কৰি ৰাখিব। লাচিত দিৱসত বীৰগৰাকীৰ আদৰ্শৰে অসম পুনৰুজ্জীৱিত হৈ উঠাৰ কামনা কৰিলোঁ।"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com