ক'ৰ'না ভাইৰাছঃ ২.২৭লাখ নমুনা পৰীক্ষা সম্পন্ন কৰিলে অসম চৰকাৰে

এদিন পাছতে ৰাজ্য চৰকাৰে আন ১০হেজাৰ ক'ৰ'না নমুনা পৰীক্ষণ শম্পন্ন কৰে
ক'ৰ'না ভাইৰাছঃ ২.২৭লাখ নমুনা পৰীক্ষা সম্পন্ন কৰিলে অসম চৰকাৰে

ক'ৰ'না মহামাৰীৰ উদ্ধেগজনক প্ৰাদুৰ্ভাৱৰ মাজতে এই ভাইৰাছ সংক্ৰমণৰ চয়-নিশ্চয় কৰিবলৈ বিগত দিনত অসম চৰকাৰে ২.২৭লাখ নমুনা পৰীক্ষণ সম্পন্ন কৰে ৷ মঙলবাৰে এই কথা টুইটাৰত সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২.১৭ লাখ নমুনা পৰীক্ষাৰ এদিন পাছতে ৰাজ্য চৰকাৰে আন ১০হেজাৰ ক'ৰ'না নমুনা পৰীক্ষণ শম্পন্ন কৰে ৷ ফলত মুঠ নমুনা পৰীক্ষাৰ সংখ্যা ২.২৭লাখ হৈছে ৷ এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " অতি সন্তুষ্টিৰে এই খবৰ জনাবলৈ লৈছো যে আমি এদিনত অভিলেখসংখ্যক ১০হেজাৰ নমুনা পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছো । মই আমাৰ চিকিৎসক, বিজ্ঞানী আৰু বিষয়াসকললৈ অভিনন্দন জ্ঞাপন কৰিছো ।"

মন্ত্ৰী শৰ্মাই সদৰী কৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় তথা চৰকাৰী প্ৰতিষ্ঠানসমূহত নিম্নোক্ত ধৰণেৰে নমুনা পৰীক্ষা সম্পন্ন পৰা হৈছেঃ

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ২৭, ২২৯টা ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ৩৯, ৭১০টা ৷

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ১১, ৯৯২টা ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ২৬, ৪৯০টা ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ৩৫, ০৪৫টা ৷

আই আই এছ এছ টিঃ ৪, ২৯৫টা

ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালঃ ৪৮১টা ৷

প্ৰতিৰক্ষা গবেষণা পৰীক্ষাগাৰঃ ১, ১৬৭টা ৷

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰঃ ২০, ৪৭৬টা ৷

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানঃ ১০৯টা ৷

ইপিনে, অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,৩১৯জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com