সুকীয়া আঞ্চলিক দলে বিজেপি-আৰ এছ এছকহে লাভান্বিত কৰিবঃ কৃষক মুক্তি

এই দলসমূহ আগবাঢ়ি নাহিলে কৃষক মুক্তিয়ে দল গঠন কৰিব বুলিও শইকীয়াই দোহাৰে ৷
সুকীয়া আঞ্চলিক দলে বিজেপি-আৰ এছ এছকহে লাভান্বিত কৰিবঃ কৃষক মুক্তি

ৰাজ্যত নকৈ বিভিন্ন সংগঠনে গঠন কৰা আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিত নহ'লে আগন্তুক ২০২১ৰ নিৰ্বাচনত বিজেপি-আৰ এছ এছহে লাভান্বিত হ'ব বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কৃষক মুক্তিৰ সভাপতি ভাস্ক' ডি শইকীয়াই কয় যে তেওঁলোকে সকলো ৰাজনৈতিক দলক ঐক্যৱদ্ধ হ'বলৈ আহ্বান জনাইছে ৷ এই দলসমূহ ঐক্যবদ্ধ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মন্ত্ৰণাদাতা আৰ এছ এছহে উপকৃত হ'ব বুলি শইকীয়াই মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে এই দলসমূহ কৃষক মুক্তিৰ সৈতে একেখন মঞ্চত উপনীত হ'বলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ বাবে কৃষক মুক্তিয়ে অহা ২০ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব ৷ উক্ত দিনা লৈকে এই দলসমূহ আগবাঢ়ি নাহিলে কৃষক মুক্তিয়ে দল গঠন কৰিব বুলিও শইকীয়াই দোহাৰে ৷ উল্লেখ্য যে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়েও আঞ্চলিক ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাই আহিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com