ক'ৰ'নাঃ ৰুদ্ৰসাগৰ ৰেচম লিমিটেডৰ প্ৰতিষ্ঠাতা দিলীপ বৰুৱাৰ বিয়োগ

ক'ৰ'নাঃ ৰুদ্ৰসাগৰ ৰেচম লিমিটেডৰ প্ৰতিষ্ঠাতা দিলীপ বৰুৱাৰ বিয়োগ

প্ৰাপ্ত তথ্য অনুসৰি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছত বৰুৱা বিগত কিছুদিন চিকিত্সাধীন হৈ আছিল।

ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে শিৱসাগৰৰ ৰুদ্ৰসাগৰ ৰেচম লিমিটেডৰ প্ৰতিষ্ঠাতা দিলীপ বৰুৱাই। প্ৰখ্যাত এণ্ট্ৰাৰপ্ৰেনিয়ৰজনৰ যোৱা নিশা ১১—০ বজাত বিয়োগ ঘটে। প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পাছত বৰুৱা বিগত কিছুদিন চিকিত্সাধীন হৈ আছিল। আনহাতে, কালি ক'ৰ'নাত ৰাজ্যত কেইবাজনো ব্যক্তিৰ মৃত্যু হয়।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কালি ক'ৰ'না মহামাৰীত মৃত্যু হোৱা লোককেইজন হৈছে সুভাষ ঘোষ(৪২), ফিৰোজ হুছেইন(৫৭), ফজলুদ্দিন আহমেদ(৭৩), মুনৱাৰা বেগম(৪০), সিদ্ধেশ্বৰ ৰাই(৮৮), কল্যানব্ৰত চৌধুৰী(৫০), বিমলেন্দু চক্ৰৱৰ্তী(৮৪), বিমলেন্দু ৰায়(৬৪), সীতাংশু চন্দা(৭৮) আৰু ৰঞ্জনা ভট্টাচাৰ্য(৫১)।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com