একে সময়তে আৰক্ষীও- চিকিৎসকোঃ ডাঃ ৰবীন কুমাৰক প্ৰশংসা উপ-ৰাষ্ট্ৰপতিৰ

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ সন্তান ডাঃ কুমাৰ এম বি বি এছ আৰু এম ডি ডিগ্ৰীধাৰী ৷
একে সময়তে আৰক্ষীও- চিকিৎসকোঃ  ডাঃ ৰবীন কুমাৰক প্ৰশংসা উপ-ৰাষ্ট্ৰপতিৰ

বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ক'ৰ'না মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত দ্বৈত সেৱা আগবঢ়াই দেশৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ সন্তান ডাঃ কুমাৰ এম বি বি এছ আৰু এম ডি ডিগ্ৰীধাৰী ৷ ক'ৱিড-১৯য়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত তেওঁ আৰক্ষী বিষয়া-কনিষ্টবলসকলক পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়াইছে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ অনুমতি সাপেক্ষে তেওঁ বৰপেটাত ক'ৱিড-১৯ সেৱা কেন্দ্ৰ মুকলি কৰে ৷

এনেদৰে আইন-শৃংখলাৰ কৰ্তব্য পালনৰ সমান্তৰালভাবে এনেদৰে চিকিৎসা সেৱা আগবঢ়াই ডাঃ কুমাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ আৰক্ষীজনক প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতি নাইডুৱে এটা টুইটত কয়, " এয়া মহান কৰ্তব্য ৷ ক'ৱিড-১৩ৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়ত চিকিৎসক আৰু আৰক্ষীৰ দায়িত্ব একেলগে পালন কৰা কাৰ্য প্ৰশংসনীয় ৷" 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com