তেওঁ মোৰ মৰমৰ বন্ধু আছিলঃ গগৈৰ বিয়োগত ডঃ সিঙৰ শোক

আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।
তেওঁ মোৰ মৰমৰ বন্ধু আছিলঃ গগৈৰ বিয়োগত ডঃ সিঙৰ শোক

অগণন লোকক সোকৰ সাগৰত ডুবাই পৰপাৰলৈ যাত্ৰা কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে গভীৰ শোক প্ৰকাশ কৰিছে। গগৈৰ সহধৰ্মিনী ডলী গগৈলৈ প্ৰেৰণ কৰা এটা শোকবাৰ্তাত ডঃ সিঙে কয়, " মোৰ অসমৰ বন্ধুসকলৰ মাজত তেওঁ মৰমৰ আছিল। তেওঁৰ বিয়োগ আমাৰ বাবে এটা অপূৰণীয় ক্ষতি। এই দুখৰ সময়ত সৰ্বশক্তিমানজনে আপোনালোকক শক্তি দিয়ক"। আনহাতে, আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

নশ্বৰদেহ পোনে পোনে নিয়া হ'ব গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে জনতা ভৱনলৈ অনা হ'ব নশ্বৰ দেহ।

তাত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনাব। পাছত নশ্বৰ দেহ নিয়া হ'ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে।

বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰ দেহ।

আজি নিশা আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com