লেখিকা গীতাঞ্জলি শ্ৰীৰ উপন্যাস 'ৰেট সমাধি' (Tomb of Sand)লৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ

উপন্যাসখন হৈছে ভাৰত বিভাজনৰ ছাঁত স্থাপিত এক কাহিনী, য'ত স্বামীৰ মৃত্যুৰ পিছত এগৰাকী মহিলাৰ কাহিনী দেখুওৱা হৈছে।
লেখিকা গীতাঞ্জলি শ্ৰীৰ উপন্যাস 'ৰেট সমাধি' (Tomb of Sand)লৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ

গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস 'ৰেট সমাধি'লৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ। এইপৰ্যন্ত ইতিহাসত হিন্দীৰ এয়া প্ৰথম উপন্যাস যিয়ে এই সন্মান লাভ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সন্মান হিন্দীৰ মহিলা লেখিকাই লাভ কৰিছে। গীতাঞ্জলি শ্ৰীৰ উপন্যাস 'ৰেট সমাধি'ৰ ইংৰাজী অনুবাদ ডেজী ৰকৱেলে 'Tomb of Sand' নামেৰে কৰিছে, যিয়ে ২০২২ৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ লাভ কৰিছে।

উপন্যাসখন হৈছে ভাৰত বিভাজনৰ ছাঁত স্থাপিত এক কাহিনী, য'ত স্বামীৰ মৃত্যুৰ পিছত এগৰাকী মহিলাৰ কাহিনী দেখুওৱা হৈছে।

বুকাৰ বঁটা এক সন্মানীয় আন্তৰ্জাতিক বঁটা আৰু ইয়াক বছৰি ইংৰাজীলৈ অনুবাদ কৰা আৰু ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশিত এখন কিতাপক প্ৰদান কৰা হয়। ২০২২ বঁটাৰ বাবে নিৰ্বাচিত কিতাপখন ৭ এপ্ৰিলত লণ্ডন গ্ৰন্থমেলাত ঘোষণা কৰা হৈছিল।

প্ৰথম হিন্দী ভাষাৰ কিতাপখন £৫০,০০০ পুৰষ্কাৰৰ বাবে তালিকাভুক্ত কৰা হৈছে। পুৰষ্কাৰৰ ধন গীতাঞ্জলি আৰু ৰকৱেলৰ মাজত বিভক্ত কৰা হ'ব।

বিচাৰকসকলৰ পেনেলৰ অধ্যক্ষ অনুবাদক ফ্ৰেংক ৱাইনে কৈছিল যে বিচাৰকসকলে অতি আৱেগিক বিতৰ্কৰ পিছত 'ৰেট সমাধি' বাছনি কৰিছিল।

গীতাঞ্জলি শ্ৰীৰ 'ৰেট সমাধি' তেওঁৰ পঞ্চম উপন্যাস। প্ৰথম উপন্যাস 'মাই'। ইয়াৰ পিছত তেওঁৰ উপন্যাস 'হামাৰা শহৰ উছ বৰছ' নব্বৈৰ দশকত প্ৰকাশ পাইছিল। কিছু বছৰ পিছত 'তিৰোহিত' প্ৰকাশ পাইছিল। তেওঁৰ চতুৰ্থ উপন্যাস 'খালী জগহ' আৰু কিছু বছৰ পূৰ্বে প্ৰকাশ পাইছিল 'ৰেট সমাধি'।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com