আৰয়ান খানৰ গ্ৰেপ্তাৰক স্কুইড্ গেমছৰ সৈতে তুলনা টুইংকল খান্নাৰ

শেহতীয়াভাবে ইণ্টাৰনেটত অভিনেতা অক্ষয় কুমাৰৰ পত্নী অভিনেত্ৰী টুইংকল খান্নাই মুকলিকৈ শ্বাহৰুখ খানৰ পুত্ৰক সমৰ্থন কৰিছে।
আৰয়ান খানৰ গ্ৰেপ্তাৰক স্কুইড্ গেমছৰ সৈতে তুলনা টুইংকল খান্নাৰ

নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ অপৰাধত এন.চি.বি.ৰ দ্বাৰা কৰায়ত্ব হোৱা অভিনেতা শ্বাহৰুখ খানৰ জেষ্ঠ পুত্ৰ আৰয়ান খান সম্প্ৰতি মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে। সম্প্ৰতি বহু গণ্য - মান্য ব্যক্তিয়ে আৰয়ানৰ সমৰ্থনত থিয় দিছে। শেহতীয়াভাবে ইণ্টাৰনেটত অভিনেতা অক্ষয় কুমাৰৰ পত্নী অভিনেত্ৰী টুইংকল খান্নাই মুকলিকৈ শ্বাহৰুখ খানৰ পুত্ৰক সমৰ্থন কৰিছে।

নিজৰ পোষ্ট যোগে টুইংকলে আৰয়ানৰ ঘটনাৰ সৈতে নেটফ্লিক্সৰ জনপ্ৰিয় ধাৰাবাহিক স্কুইড্ গেমছৰ তুলনা কৰিছে। পোষ্টৰ শিৰোনামাত তেওঁ লিখে, "স্থানীয় স্কুইড্ গেমছ আৰম্ভ কৰা হওঁক", আৰু পৰবৰ্তী শাৰীসমূহত ইয়াৰ ব্যাখ্যা দাঙি ধৰে, "মাৰ্বলৰ খেলত এগৰাকী শক্তিশালী প্ৰতিযোগী কিছু সময়ৰ পাছত বিৰক্তিকৰ হৈ উঠে, আৰু অৱশেষত নিজৰ সকলো মাৰ্বল হৰাৰ পৰিস্থিতি আহি পৰে। ঠিক একে অৱস্থাৰ সন্মুখীন আৰ্য়ানৰ বিষয়ে জনা পাছৰ পৰা মোৰ হৈছে"।

তেওঁ কয় যে, "আৰয়ানৰ বন্ধুসকলৰ পৰা ৬ কিলোগ্ৰাম ওজনৰ ছাৰাচ উদ্ধাৰ কৰা হৈছিল, কিন্তু আৰয়ানৰ বিৰুদ্ধে তেনে কোনো প্ৰমাণ নাই। কোনো উপযুক্ত প্ৰমাণ নোহোৱাকৈয়ে তেওঁক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে"।

"বাতৰিৰএটি খণ্ডত যিদৰে অৰ্ণৱে, মোক ড্ৰাগছ দিয়া, মোক ড্ৰাগছ দিয়া বুলি বুলি নাটকীয়ভাবে চিৎকাৰ কৰিছিল, মোৰো ঠিক একে ধৰণৰ মনোভাৱ আহিছে। কিয়নো এনে এক অবিশ্বাস্য পৰিস্থিতিৰ লগত খাপ খাবলৈ এনে বস্তুৰে দৰকাৰ হ'ব" - টুইংকলৰ ভাষ্য।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com