টেবুলত ভৰি উঠাই বহি শিক্ষাদান কৰে অসমৰ এইগৰাকী শিক্ষকে

শ্ৰেণী কোঠাৰ এগৰাকী ছাত্ৰই নিজৰ মোবাইল ফোনেৰে শিক্ষক গৰাকীৰ এই কাণ্ড ভিডিঅ' কৰি, আপলোড কৰে চচিয়েল মিডিয়া যোগে
টেবুলত ভৰি উঠাই বহি শিক্ষাদান কৰে অসমৰ এইগৰাকী শিক্ষকে

শিক্ষা বৃত্তি আৰু শিক্ষকসকলক যিমানেই মহান বুলি আপুনি নকওক কিয় একাংশ শিক্ষকে সিমানেই এই মহান বৃত্তিটোত কালিমা সানি আহিছে।

বৰ্তমান সময়ত, য'ত ব্যক্তিগত শিক্ষানুষ্ঠান সমূহত শিক্ষাক লৈ উঠা বিশেষ প্রত্যহবান প্ৰত্যক্ষ কৰা হৈছে, ঠিক একে সময়তে এখন চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকৰ কাণ্ডহীন কাৰনামাই বাতৰিৰ শিৰোনাম উপচাই তুলিছে।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ, আমৰঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ত।

তথ্য অনুসৰি উক্ত বিদ্যালয় খনৰ এগৰাকী শিক্ষকে শ্ৰেণী কোঠাত পাঠদান কৰাৰ সময়ত শিক্ষক সকলৰ বাবে উপলব্ধ কৰোৱা টেবুলৰ ওপৰত এখন ভৰিৰ ওপৰত আন খন উঠাই বহি লয়।

উল্লেখযোগ্য যে, তেওঁৰেই শ্ৰেণী কোঠাৰ এগৰাকী ছাত্ৰই নিজৰ মোবাইল ফোনেৰে শিক্ষক গৰাকীৰ এই কাণ্ড ভিডিঅ' কৰি, আপলোড কৰে চচিয়েল মিডিয়া যোগে। অতি কম সময়ৰ ভিতৰতে ইণ্টাৰনেট যোগে ভাইৰেল হৈ পৰা এই ভিডিঅ'টোৱে শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ, বহুতো লোকৰ পৰা ভিন্ন প্ৰতিক্ৰিয়া লাভ কৰিছে।

অন্যহাতে, আৰোপী শিক্ষক, অমৰজ্যোতি ভাগৱতীয়ে প্ৰকাশ কৰে যে তেওঁ এই কাণ্ড ইচ্ছাকৃত ভাৱে ঘটোৱা নাছিল আৰু তেওঁ নিজৰ শিক্ষাৰ্থী সকলক ভালদৰে জ্ঞান দিয়াৰ বাবে উপযুক্ত। "মই তেওঁলোকক ভালদৰে শিক্ষা দান কৰিব পাৰোঁ। আৰু মই এই কাম ইচ্ছাকৃত ভাৱে কৰা নাছিলোঁ।" ঠিক একে সময়তে বিদ্যালয় কৰ্তৃপক্ষই সকলো লোকৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিছে আৰু লগতে উক্ত শিক্ষক গৰাকীক তীব্ৰ ভাৱে গৰিহণা কৰিছে।

অন্য এক লজ্জাজনক কাণ্ড সংঘটিত বিশ্বনাথ, গহপুৰৰ এখন নিম্ন বুনিয়াদী বিদ্যালয়ত। ঘাঘৰা বন নিম্ন বুনিয়াদী বিদ্যালয়ৰ এগৰাকী শিক্ষকে ১১বছৰীয়া এগৰাকী কিশোৰীক বিদ্যালয় খনৰ আন ছাত্ৰক শিক্ষাদান কৰিবৰ কাৰণে নিযুক্তি দিছিল।

উল্লেখযোগ্য যে এই কিশোৰী গৰাকী বিদ্যালয় খনৰ ছাত্ৰী নাছিল, তেওঁ জনাই যে শিক্ষক গৰাকীয়ে তেওঁক বাকী ছাত্ৰী সমূহক শিক্ষাদান কৰিবৰ হেতু নিযুক্তি প্ৰদান কৰিছিল।

তথ্য অনুসৰি উক্ত বিদ্যালয় খনত দুগৰাকী শিক্ষক নিযুক্তি কৰা আছে যিয়ে বেছি ভাগ সময় বিদ্যালয়ত অনুপস্থিত থাকে? এই শিক্ষক কেইগৰাকী স্থানীয় সাংবাদিক সকলক কোনো ধৰণৰ প্ৰশংসনীয় উত্তৰ দিব পৰা নাছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com