কোকৰাঝাৰত সুস্থ সন্তান জন্ম দিলে দুগৰাকী ক'ৰ'না আক্ৰান্ত মহিলাই

মহিলা দুগৰাকীৰ ছিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ আৰ কে বড়ো, ডাঃ এম এন ব্ৰহ্ম আৰু ডাঃ এ এছ শৰ্মাই ।
কোকৰাঝাৰত সুস্থ সন্তান জন্ম দিলে দুগৰাকী ক'ৰ'না আক্ৰান্ত মহিলাই

ক'ৰ'না মহামাৰীক লৈ বহু লোক আতংকিত হৈ থকাৰ সময়তে এক স্বস্তিৰ বাৰ্তা আহিছে কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম হাস্পতালত দুগৰাকী ক'ৰ'না আক্ৰান্ত মহিলাই স্বাস্থ্যবান আৰু ক'ৰ'না মুক্ত সন্তান জন্ম দিছে। মহিলা দুগৰাকী দুটি কন্যা সন্তানৰ মাতৃ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি মহিলা দুগৰাকীয়ে ছিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে কন্যা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছে। এই কথা সদৰী কৰিছে হাস্পতাল কৰ্তৃপক্ষই।

মহিলা দুগৰাকীৰ ছিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ আৰ কে বড়ো, ডাঃ এম এন ব্ৰহ্ম আৰু ডাঃ এ এছ শৰ্মাই । তেওঁলোকক সহায় কৰে উৰ্মিলা ব্ৰহ্ম, ৰীনা ব্ৰহ্ম, প্ৰদীপ নাৰ্জাৰী, অশোক বাছফৰ আৰু ৰাজেন্দ্ৰ বাছফৰে। লক্ষ্যণীয়ে যে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com