ৰাশিফল (২৭ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ - ২০ এপ্ৰিল )

যদি আপুনি আপোনাৰ আবেগ-অনুভৱ নিয়ন্ত্ৰণত ৰাখে, তেন্তে আপোনাৰ প্ৰেম-জীৱনত শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিব ৷ আপুনি নিজকে বান্ধোন আৰু বাধা-নিষেধ মুক্ত যেন অনুভৱ কৰিব ৷ বৃহস্পতিবাৰে প্ৰচুৰ সুখ আৰু শান্তি আনিব। আপুনি আপোনাৰ জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰাও সহায় পাব ৷ আপোনাৰ বাবে আজিৰ দিনটো আনন্দকৰ হ’ব ৷

বৃষ : (২১ এপ্ৰিল - ২১ মে’)

যদি আপোনাৰ প্ৰেমৰ সম্পৰ্ক অগভীৰ, তথাপি আপুনি আগুৱাই যাব আৰু প্ৰেমৰ কিছু সুন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি সকলো সা-সুবিধা লাভৰ বাবে চেষ্টা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ শিক্ষাত ধন ব্যয় কৰিব৷ নতুন মানুহৰ লগত আপোনাৰ সংযোগ স্থাপন হ’ব ৷

মিথুন : (২২ মে’ - ২১ জুন )

আপুনি স্থিৰতাপূৰ্ণ হ’ব আৰু মাজে-সময়ে মইমতালি থকা হ’ব ৷ আপোনালোকে জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে ৷ আপুনি আদালতৰ পৰা এক অনুকূল ৰায় পাব ৷ আপুনি প্ৰচুৰ সুযোগ পাব ৷ বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংশ্লিষ্ট নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰিব ৷ আপোনাৰ সৃজনশীল গুণ প্ৰতিভাত হ’ব ৷

কৰ্কট : (২২ জুন - ২২ জুলাই)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰিব পৰা কেতবোৰ পৰিকল্পনা প্ৰেমৰ ক্ষেত্ৰত কৰক। আপুনি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে আৰু ইয়ে আপোনাক হতাশ কৰিব পাৰে। কাৰণ তাৰ প্ৰভাৱ আপোনাৰ প্ৰেম-জীৱনতো পৰিব ৷ আপোনাৰ আশা-আকাংক্ষা পূৰণ হ’ব। আপুনি আপোনাৰ আগ্ৰহ পূৰণৰ বাবে সুযোগ পাব ৷

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

আপুনি আপোনাৰ জীৱনসংগীৰ লগত ভাগ-বাটোৱাৰা কৰিবপৰা বহু মুহূৰ্ত পাব ৷ বহুদিনৰ মূৰত আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বহু সময় কটাব ৷ আপুনি সুখী হ’ব আৰু তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আপোনালৈ ধনৰ আগমন ভাল হ’ব ৷ আপোনাৰ সন্তানে নতুন কথা শিকি সময় অতিবাহিত কৰিব ৷

কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)

ভাললগা আৰু চমৎকাৰ এক ৰোমান্সৰ আপোনাৰ জীৱনত আৰম্ভ হ’ব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে আৰু তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰি আপোনাৰ অন্তৰত প্ৰচুৰ আনন্দৰ সৃষ্টি কৰিব পাৰে ৷ ৷ আপুনি তেওঁক কোনো প্ৰতিশ্ৰুতি দিব পাৰে আৰু ইয়ে বিবাহৰ পৰিৱেশ সূচিত কৰিব পাৰে ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ’ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত এনে এটা ব্যৱধান আছে যাৰ বাবে আপুনি এই প্ৰেমত ৰিক্ত অনুভৱ কৰিব ৷ আপুনি বৈশিষ্ট্যপূৰ্ণ সফলতা লাভ কৰিব ৷ ইয়ে আপোনাৰ সামৰ্থ্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীও আপোনাৰ প্ৰতিভাক লৈ সন্তুষ্ট হ’ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷

বৃশ্চিক: (২৪ অক্টোবৰ - ২২ নৱেম্বৰ)

আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উছাহ-উদ্দীপনা থাকিব ৷ আপুনি জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু নতুন নতুন কাম কৰে ৷ আপুনি কোনো অ-পৰিচিত ব্যক্তিৰ লগত ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷ কিন্তু তেওঁক জীৱনসংগী কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আপুনি সময় ল’ব ৷ আপোনাৰ ব্যৱসায়িক সংগীয়ে আপোনাৰ ব্যৱসায়ৰ প্ৰস্তাৱ গ্ৰহণ কৰিব ৷

ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)

আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত আপুনি এটা ভাল খবৰ পাব ৷ আপুনি ভদ্ৰ আৰু ৰুচীশীল হব ৷ আপোনাৰ জীৱনসংগীৰ বুজাপৰা গুণ থাকিব ৷ তেওঁ আপোনাক সমৰ্থন কৰি যাব ৷ সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব ৷ আপুনি আপোনাৰ পৰিয়ালকো সময় দিব ৷

মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)

আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত আপুনি আধিপত্য উপভোগ কৰিব ৷ আপুনি আপোনাৰ কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ব ৷ উত্থান-পতনৰ মাজেৰে আপুনি অগ্ৰসৰ হ’ব ৷ আনক দোষ জাপি দি লাভ নাই ৷ আপুনি ব্যক্তিগত যোগোযোগৰ বলত কাম আদায় কৰিবলৈ সক্ষম হব। মানুহে আপোনাক সহায় কৰিব।

কুম্ভ : (২১ জানুৱাৰী -১৮ ফেব্ৰুৱাৰী)

কোনো সম্পত্তিক লৈ আপুনি তৰ্ক-বিতৰ্কত ভাগ ল’ব পাৰে ৷ আপুনি জীৱন যাপনৰ গতি-পথ সলনি কৰক আৰু মৰম-স্নেহ প্ৰদৰ্শন কৰক। তাৰ পাচত ফলাফল চাওক। ইয়ে আপোনালৈ হাঁহি কঢ়িয়াই আনিব। আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ’ব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু তাৰ ফল লাভ কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ)

আপুনি জীৱনত কিছু পৰিৱৰ্তনৰ বাবে আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই ওচৰৰে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ আপুনি কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব আৰু অগ্ৰসৰ হ’ব ৷ দৈনন্দিন ব্যৱহাৰৰ বাবে আপুনি কিছু বস্তু কিনিব ৷ আপুনি শিক্ষাৰ সৈতে জড়িত সকলো সমস্যা সমাধান কৰিব ৷ আপুনি মানসিক শান্তি পাব ৷