Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৭ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৭ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 4:22 AM GMT


জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৯, ১৮, ২৭

শুভ দিনসমূহঃ সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ মুগা, বেঙুনীয়া, সেউজীয়া




আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৭ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)











যদি আপুনি আপোনাৰ আবেগ-অনুভৱ নিয়ন্ত্ৰণত ৰাখে, তেন্তে আপোনাৰ প্ৰেম-জীৱনত শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিব ৷ আপুনি নিজকে বান্ধোন আৰু বাধা-নিষেধ মুক্ত যেন অনুভৱ কৰিব ৷ বৃহস্পতিবাৰে প্ৰচুৰ সুখ আৰু শান্তি আনিব। আপুনি আপোনাৰ জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰাও সহায় পাব ৷ আপোনাৰ বাবে আজিৰ দিনটো আনন্দকৰ হ'ব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)












যদি আপোনাৰ প্ৰেমৰ সম্পৰ্ক অগভীৰ, তথাপি আপুনি আগুৱাই যাব আৰু প্ৰেমৰ কিছু সুন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি সকলো সা-সুবিধা লাভৰ বাবে চেষ্টা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ শিক্ষাত ধন ব্যয় কৰিব৷ নতুন মানুহৰ লগত আপোনাৰ সংযোগ স্থাপন হ'ব ৷

মিথুন : (মে ২২ - জুন ২১)












আপুনি স্থিৰতাপূৰ্ণ হ'ব আৰু মাজে-সময়ে মইমতালি থকা হ'ব ৷ আপোনালোকে জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে ৷ আপুনি আদালতৰ পৰা এক অনুকূল ৰায় পাব ৷ আপুনি প্ৰচুৰ সুযোগ পাব ৷ বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংশ্লিষ্ট নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰিব ৷ আপোনাৰ সৃজনশীল গুণ প্ৰতিভাত হ'ব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)









আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰিব পৰা কেতবোৰ পৰিকল্পনা প্ৰেমৰ ক্ষেত্ৰত কৰক। আপুনি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু ইয়ে আপোনাক হতাশ কৰিব পাৰে। কাৰণ তাৰ প্ৰভাৱ আপোনাৰ প্ৰেম-জীৱনতো পৰিব ৷ আপোনাৰ আশা-আকাংক্ষা পূৰণ হ'ব। আপুনি আপোনাৰ আগ্ৰহ পূৰণৰ বাবে সুযোগ পাব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)















আপুনি আপোনাৰ জীৱনসংগীৰ লগত ভাগ-বাটোৱাৰা কৰিবপৰা বহু মুহূৰ্ত পাব ৷ বহুদিনৰ মূৰত আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বহু সময় কটাব ৷ আপুনি সুখী হ'ব আৰু তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আপোনালৈ ধনৰ আগমন ভাল হ'ব ৷ আপোনাৰ সন্তানে নতুন কথা শিকি সময় অতিবাহিত কৰিব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)















ভাললগা আৰু চমৎকাৰ এক ৰোমান্সৰ আপোনাৰ জীৱনত আৰম্ভ হ'ব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে আৰু তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰি আপোনাৰ অন্তৰত প্ৰচুৰ আনন্দৰ সৃষ্টি কৰিব পাৰে ৷ ৷ আপুনি তেওঁক কোনো প্ৰতিশ্ৰুতি দিব পাৰে আৰু ইয়ে বিবাহৰ পৰিৱেশ সূচিত কৰিব পাৰে ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)













আপোনাৰ প্ৰেমৰ সম্পৰ্কত এনে এটা ব্যৱধান আছে যাৰ বাবে আপুনি এই প্ৰেমত ৰিক্ত অনুভৱ কৰিব ৷ আপুনি বৈশিষ্ট্যপূৰ্ণ সফলতা লাভ কৰিব ৷ ইয়ে আপোনাৰ সামৰ্থ্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীও আপোনাৰ প্ৰতিভাক লৈ সন্তুষ্ট হ'ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)













আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উছাহ-উদ্দীপনা থাকিব ৷ আপুনি জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু নতুন নতুন কাম কৰে ৷ আপুনি কোনো অ-পৰিচিত ব্যক্তিৰ লগত ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷ কিন্তু তেওঁক জীৱনসংগী কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আপুনি সময় ল'ব ৷ আপোনাৰ ব্যৱসায়িক সংগীয়ে আপোনাৰ ব্যৱসায়ৰ প্ৰস্তাৱ গ্ৰহণ কৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)
















আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত আপুনি এটা ভাল খবৰ পাব ৷ আপুনি ভদ্ৰ আৰু ৰুচীশীল হব ৷ আপোনাৰ জীৱনসংগীৰ বুজাপৰা গুণ থাকিব ৷ তেওঁ আপোনাক সমৰ্থন কৰি যাব ৷ সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব ৷ আপুনি আপোনাৰ পৰিয়ালকো সময় দিব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)














আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত আপুনি আধিপত্য উপভোগ কৰিব ৷ আপুনি আপোনাৰ কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ হ'ব ৷ উত্থান-পতনৰ মাজেৰে আপুনি অগ্ৰসৰ হ'ব ৷ আনক দোষ জাপি দি লাভ নাই ৷ আপুনি ব্যক্তিগত যোগোযোগৰ বলত কাম আদায় কৰিবলৈ সক্ষম হব। মানুহে আপোনাক সহায় কৰিব।

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)
















কোনো সম্পত্তিক লৈ আপুনি তৰ্ক-বিতৰ্কত ভাগ ল'ব পাৰে ৷ আপুনি জীৱন যাপনৰ গতি-পথ সলনি কৰক আৰু মৰম-স্নেহ প্ৰদৰ্শন কৰক। তাৰ পাচত ফলাফল চাওক। ইয়ে আপোনালৈ হাঁহি কঢ়িয়াই আনিব। আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ'ব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু তাৰ ফল লাভ কৰিব ৷


মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)




আপুনি জীৱনত কিছু পৰিৱৰ্তনৰ বাবে আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই ওচৰৰে ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ আপুনি কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব আৰু অগ্ৰসৰ হ'ব ৷ দৈনন্দিন ব্যৱহাৰৰ বাবে আপুনি কিছু বস্তু কিনিব ৷ আপুনি শিক্ষাৰ সৈতে জড়িত সকলো সমস্যা সমাধান কৰিব ৷ আপুনি মানসিক শান্তি পাব ৷

Next Story
চাকৰি