৬ মাহ সম্পূ্ৰ্ণ কৰিলে কৰীণা-চেইফৰ জাহাংগীৰে

আজি ২১আগষ্ট, ২০২১-ত জীৱনৰ ৬ টা মাহ সম্পূৰ্ণ কৰে কণমানি জাহাঙ্গীৰে।
৬ মাহ সম্পূ্ৰ্ণ কৰিলে কৰীণা-চেইফৰ জাহাংগীৰে

এই বছৰৰ ফেব্ৰুৱাৰীত জন্মলাভ কৰে অভিনেত্ৰী কৰীণা কাপুৰ আৰু অভিনেতা চেইফ আলী খানৰ দ্বিতীয় সন্তানে। তেওঁলোকে সন্তানটিৰ নাম ৰাখিছে জাহাঙ্গীৰ ৷ আৰু আজি ২১আগষ্ট, ২০২১-ত জীৱনৰ ৬ টা মাহ সম্পূৰ্ণ কৰে কণমানি জাহাঙ্গীৰে।

এই উপলক্ষে পেহীয়েক ছাবা খানে ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে কৰীণা আৰু তেওঁৰ কণমানি টোৰ কেইবাখনো ফটো ৷ ফটোকেইখনত তেওঁ কনমানি ভটিজাকক উদ্দেশ্যি লিখিছে " তোমালৈ বহুত মৰম, মোৰ জান, জাহাংগীৰ"।

আনহাতে, অভিনেত্ৰী কৰীণাই প্ৰকাশ কৰে যে প্ৰথম অৱস্থাত তেওঁলোকে প্ৰথম সন্তান টাইমূৰে কিদৰে সৰু জাহাংগীৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাক লৈ যথেষ্ট চিন্তিত আছিল ৷ কিন্তু সম্প্ৰতি টাইমূৰক নিজৰ সৰু ভায়েকৰ লগত সুন্দৰ সময় অতিবাহিত কৰিবলৈ লৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com