এইবাৰ নতুন আকৰ্ষণীয় ৰূপেৰে ভুমুকি মাৰিলে ৰাধিকা আপ্টেই

ৰাধিকা আপ্টেই অলপতে ক'লা মনোকিনি পিন্ধি নিজৰ ক'লা-বগা ফটো ছোচিয়েল মিডিয়াত পষ্ট কৰে।
এইবাৰ নতুন  আকৰ্ষণীয় ৰূপেৰে ভুমুকি মাৰিলে ৰাধিকা আপ্টেই

সম্প্ৰতি বিশেষ আকৰ্ষণীয় ৰূপত ভুমুকি মাৰিছে তাৰকা অভিনেত্ৰী ৰাধিকা আপ্টেই ৷ শেহতীয়াভাবে ৰাধিকাই তেওঁৰ আহিবলগীয়া ছবি "মিছেছ আণ্ডাৰক'ভাৰ" কথা ঘোষণা কৰে। অভিনেত্ৰীগৰাকীয়ে লকডাউন হোৱাৰ পূৰ্বে ৪৫ দিনৰ সময়সূচীৰে কলকাতাত ছবিখনৰ দৃশ্যগ্ৰহণত অংশ লয় । উল্লেখ্য যে ৰাধিকা আপ্টেই  স্বতন্ত্ৰ চিনেমা আৰু বাণিজ্যিক চিনেমা-দুয়োটা শৈলীৰ চিনেমাত অভিনয়ৰ সৈতে জড়িত। ৰাধিকাৰ আকৰ্ষণীয় কামৰ লগতে তেওঁৰ দেহ সৌষ্ঠৱৰো প্ৰশংসা কৰি আহিছে বহুতে ৷

ৰাধিকা আপ্টেই অলপতে ক'লা মনোকিনি পিন্ধি নিজৰ ক'লা-বগা ফটো ছোচিয়েল মিডিয়াত পষ্ট কৰে। এটা স্নেপত ৰাধিকাক সম্পূৰ্ণ চুইমচুটত দেখা গৈছে, য'ত তেওঁৰ পেটত ফিটা বান্ধি থোৱা আছে। ৰাধিকাৰ হাঁহি থকা ফটোৱে সকলোৰে মন জয় কৰে ৷ তেওঁৰ এনে ফটো সকলোৰে প্ৰিয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com