ক'ৰ'নাৰ পৰা সুস্থ হ'ল গোলাঘাটৰ হৃদৰোগাক্ৰান্ত কিশোৰী, চিকিৎসালয়ৰ পৰা যোৱাৰ অনুমতি

দুয়োজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।আজি দুয়োকে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷
ক'ৰ'নাৰ পৰা সুস্থ হ'ল গোলাঘাটৰ হৃদৰোগাক্ৰান্ত কিশোৰী, চিকিৎসালয়ৰ পৰা যোৱাৰ অনুমতি

ক'ৰ'নাৰ পৰা সুস্থ হ'ল গোলাঘাটৰ হৃদৰোগাক্ৰান্ত কিশোৰী, চিকিৎসালয়ৰ পৰা যোৱাৰ অনুমতি

এক সুখবৰ! ক'ৰ'নাত আক্ৰান্ত অসমৰ এগৰাকী হৃদৰোগাক্ৰান্ত কিশোৰী সুস্থ হৈছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা এই কিশোৰীগৰাকীক আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ শেহতীয়া নমুনা পৰীক্ষাত তেওঁৰ দেহত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল ৷ ১৩বছৰীয়া এই কিশোৰীগৰাকীৰ ঘৰ গোলাঘাটত। এই কথা সদৰী কৰি আজি এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুম্বাইৰ এছ আৰ চি চি হাস্পতালত কিশোৰীগৰাকীৰ অপেন হাৰ্ট ছাৰ্জাৰী কৰা হয় । তেওঁক পৰিয়ালে অসমলৈ অনাৰ পাছত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ সেই সূত্ৰে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় ৷ সৌভাগ্যবশতঃ কিশোৰীগৰাকীৰ সৈতে থকা তেওঁৰ মাতৃৰ শৰীৰলৈ এই ভাইৰাছৰ সংক্ৰমণ ঘটা নাই ৷ মাতৃয়ে কন্যাক এৰি দিবলৈ নিবিচৰাত দুয়োকে জি এম চি এইচৰ এটা কক্ষত থাকিবলৈ দিয়া হয় ৷ তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ চিকিৎসাও আৰম্ভ কৰা হয় ।অৱশেষত ১১দিন চিকিৎসাধীন হৈ থকাৰ পাছত কিশোৰীগৰাকী ক'ৰ'নাৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰা হয় ৷ তাৰ পাছতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ মন্ত্ৰী শৰ্মাই লগতে কয় যে মুম্বাইত চিকিৎসা কৰাই অহা অসমৰ দুজন কৰ্কট ৰোগীও ক'ৰ'নাত আক্ৰান্ত হৈছিল ৷ শেহতীয়া নমুনা পৰীক্ষাত তেওঁলোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল ৷ দুয়োজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।আজি দুয়োকে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ " আজি আমি পৰঁচজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিওঁ ।আটাইকেইজনৰ শেহতীয়া নমুনা পৰীক্ষাত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল," মন্ত্ৰী শৰ্মাই এইদৰে কয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com