তুমুল সংঘৰ্ষত অৰুণাচলত ৬ এন এছ চি এন(আই-এম)নিহত

সংঘৰ্যৰ পাছত নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।
তুমুল সংঘৰ্ষত অৰুণাচলত ৬ এন এছ চি এন(আই-এম)নিহত

নিৰাপত্তা বাহিনীৰে হোৱা এক তুমুল সংঘৰ্ষত অৰুণাচল প্ৰদেশত ছজন এন এছ চি এন(আই-এম)নিহত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ৪-৩০ বজাত পাহাৰীয়া ৰাজ্যখনৰ খোনচা জিলাত হোৱা এক সংঘৰ্ষত ছজন এন এছ চি এন(আই-এম) নেতা-সদস্য নিহত হয়। এই সংঘৰ্ষৰ সময়ত অভিযানকাৰী দল আছাম ৰাইফলছৰ এজন জোৱান আহত হয় বুলি সূ্ত্ৰই জনায়। সংঘৰ্যৰ পাছত নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com