ৰাজ্যিক কৰ্মচাৰীয়ে মে' মাহৰ সম্পূৰ্ণ দৰমহা পাবঃ মন্ত্ৰী শৰ্মা

কৰ্মচাৰীসকলৰ বাবে মে’ মাহৰ দৰমহাৰ সম্পূৰ্ণ ধন ব্যয় কৰিব বুলি মন্ত্ৰীজনে প্ৰকাশ কৰিছে
ৰাজ্যিক কৰ্মচাৰীয়ে মে' মাহৰ সম্পূৰ্ণ দৰমহা পাবঃ মন্ত্ৰী শৰ্মা

ৰাজ্যিক কৰ্মচাৰীয়ে মে' মাহৰ সম্পূৰ্ণ দৰমহা পাবঃ মন্ত্ৰী শৰ্মা

অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মে' মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন লাভ কৰিব৷ এই কথা ঘোষণা কৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে দেশত ঘোষিত তলাবন্ধই আৰ্থিক সংকটৰ সৃষ্টি কৰা বুলি চৰ্চিত হৈ থকাৰ মাজতে বিত্ত মন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চলিত মে' মাহৰ সম্পূৰ্ণ দৰমহা আাদায় দিব ৷ কৰ্মচাৰীসকলৰ বাবে মে' মাহৰ দৰমহাৰ সম্পূৰ্ণ ধন ব্যয় কৰিব বুলি মন্ত্ৰীজনে প্ৰকাশ কৰিছে ৷ এই কথা সদৰী কৰি এটা টুইটত তেওঁ কয়, " অসম চৰকাৰে মে' মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চনৰ ধন কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰসকলৰ বাবে ব্যয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।এয়া হৈছে কেন্দ্ৰীয় চৰকাৰে হস্তান্তৰযোগ্য পুঁজি ৰাজ্যলৈ মুকলি কৰি দিয়াৰ বাবে ৷ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ কৃতজ্ঞতা প্ৰকাশ কৰিলো৷" একেটা টুইটত বিত্ত মন্ত্ৰী শৰ্মাই লগতে কয়, "ৰাজহ আহৰণত অসমে ক্ৰমান্বয়ে উন্নতি সাধন কৰিবলৈ লৈছে ৷" আনহাতে, অসমৰ লেখীয়াকৈ মেঘালয়ে চৰকাৰেও কৰ্মচাৰীক দৰমহা আদায়ত পলম নকৰে বুলি ঘোষণা কৰিছে 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com