কোৱাৰেণ্টিনৰ বাবে কটন-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস অধিগ্ৰহণ

জিলা প্ৰশাসনে লগতে মহানগৰীৰ একাংশ শিক্ষানুষ্ঠানো কোৱাৰেণ্টিনৰ বাবে অধিগ্ৰহণ কৰিছে ৷
কোৱাৰেণ্টিনৰ বাবে কটন-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস অধিগ্ৰহণ

কোৱাৰেণ্টিনৰ বাবে কটন-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস অধিগ্ৰহণ

বহিঃৰাজ্যত থকা অসমৰ বহু ব্যক্তি ঘৰমুৱা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰুপ মহানগৰ জিলা প্ৰশাসনে কোৱাৰেণ্টিন গৃহৰ সুবিধা বৃদ্ধিত মনোনিৱেশ কৰিছে ৷ ইয়াৰ অংশৰুপে প্ৰশাসনে কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস অধিগ্ৰহণ কৰিছে ৷ এই সম্পৰ্কত কামৰুপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জাৰি কৰা এক নিৰ্দেশনাত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ২৪ঘণ্টাৰ ভিতৰত ছাত্ৰাবাস খালী কৰিবলৈ কোৱা হৈছে ৷ জিলা প্ৰশাসনে লগতে মহানগৰীৰ একাংশ শিক্ষানুষ্ঠানো কোৱাৰেণ্টিনৰ বাবে অধিগ্ৰহণ কৰিছে ৷ ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়ৰ ভেংকতা ৰাও ৰিচাৰ্ছ স্ক'লাৰ বয়জ হোষ্টেল আৰু বাবু জগজীৱন ৰাম ছাত্ৰাবাসক বাদ দি আন সকলো ছাত্ৰাবাস কোৱাৰেণ্টিনৰ বাবে আজিৰে পৰা সাজু কৰিছে ৷ অহা ২৭ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ বয়বস্তু সংগ্ৰহ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশ জাৰি কৰিছে ৷ তদুপৰি জিলা প্ৰশাসনে প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী আৰু ছেইণ্ট ফ্ৰান্সিছ ডি হাইস্কুল কোৱাৰেণ্টিনৰ বাবে অধিগ্ৰহণ কৰিছে ৷

ইপিনে, শেহতীয়া তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি অসমত ৫১৪ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি পিছবেলা নতুনকৈ ৪৮জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৪৮ জন লোকৰ ১৬জন কৰিমগঞ্জৰ, আঠজন লখিমপুৰৰ, আঠজন গুৱাহাটীৰ কোৱাৰেণ্টিন চেণ্টাৰৰ, পাঁচজন কাচাৰৰ, চাৰিজন হাইলাকান্দিৰ, তিনিজন দক্ষিণ শালমাৰাৰ, দুজন নগাঁৱৰ, দুজন নলবাৰীৰ, এজন মৰিগাঁৱৰ আৰু এজন গোৱালপাৰাৰ। আনহাতে, অসমত সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা আজি ৬২ জনলৈ বৃদ্ধি পায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com