গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

অৱশ্যে গুৱাহাটীক ৰেড জ'ন হিচাপে ঘোষণা কৰা নহয়
গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ ফাঁচীবজাৰ, ফটাশিল আমবাৰী, পাণবজাৰ ৰেলৱে কলনি, শান্তিপুৰ আশ্ৰম ৰোড আৰু কুমাৰপাৰাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ইয়াৰ কাৰণ হৈছে কালি ১৫ জনকৈ লোকৰ দেহত মাৰাত্মক ক'ৱিড-১৯ ধৰা পৰে। অৱশ্যে গুৱাহাটীক ৰেড জ'ন হিচাপে ঘোষণা কৰা নহয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

"সদ্যহতে ৰেড জ'ন বা দোকান-পোহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নহয়। য'তে এই মাৰাত্মক ৰোগ পোহৰলৈ আহে তাতে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে।" মন্ত্ৰীজনে এইদৰে কয়।

গুৱাহাটিবাসীক সাৱধান হ'বলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই আৰু কয়, "এজন নাপিতৰ গাত এই ভাইৰাছ ধৰা পৰিছে। তেওঁ ঘৰলৈ গৈ বহুতৰে চুলি কাটিছিল । ৰাজকমল হোটেলৰ তলতেই তেওঁ চুলি কাটে।"

তেওঁ আৰু কয়, "চেলুন বন্ধ আছিল কিন্তু আইন অমান্য কৰি নাপিতজনে চুলি কাটিছিল'। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com