ক'ৰ'নাঃ নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ

এখন PIL-ৰ শুনানী গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মণীষ চৌধুৰীৰ এখন পীঠে এই নিৰ্দেশ জাৰি কৰে ৷
ক'ৰ'নাঃ নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ

ক'ৰ'না মহামাৰীৰ প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনে আৰোপ কৰা নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অতি কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিছে ৷ এনে নীতি-নিয়ম উলংঘাকাৰীৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকল আৰু আৰক্ষী অধীক্ষকসকললৈ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে ৷

সাম্প্ৰতিক ক'ৰ'নাজনিত পৰিস্থিতিক লৈ বৃহস্পতিবাৰে এখন জনস্বাৰ্থজড়িত আবেদন(PIL)-ৰ শুনানী গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মণীষ চৌধুৰীৰ এখন পীঠে এই নিৰ্দেশ জাৰি কৰে ৷ নিৰ্দেশ জাৰিৰ সময়ত বিচাৰপীঠখনে কয়, " বজাৰতে হওক বা আন স্থানতে মানুহে মাস্ক পৰিধান নকৰাকৈ বা নাকৰ তলত মাস্ক পৰিধান কৰি ঘূৰা-পকা কৰাটোৱে আমাক পীড়া দিছে ৷ ইয়াৰ ফলত ক'ৱিড সংখ্যা বৃদ্ধি পাব ৷ আমি এই কথাও জানিব পাৰিছো যে নিজৰ লগতে আনৰ জীৱন বিপদাপন্ন কৰি মানুহে বজাৰতে হওক বা কাৰ্যালয়তে দলগত আলোচনা (গ্ৰুপ ডিছকাছন)-ত মিলিত হ'বলৈ ধৰিছে ৷ এই কথা নিশ্চিত যে কোনো নাগৰিকৰে নিজৰ অথবা আনৰ জীৱন বিপদাপন্ন কৰাৰ অধিকাৰ নাই ৷" বিচাৰপীঠখনে এইবুলিও আঙুলিয়াই দিয়ে যে ৰাজ্য চৰকাৰে ক'ৱিড-১৯ প্ৰতিৰোধৰ বাবে বলবৎ কৰা কঠোৰ নিয়মাৱলী ভংগ কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই পি আই এল দাখিল কৰিছিল তন্ময়জ্যোতি মহন্ত নামৰ এজন লোকে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com