নেৰানেপেৰা বৰষুণঃ ভূ-স্খলনত পাঞ্জাবাৰীৰ এঘৰৰ বিস্তৰ ক্ষতি

পাহাৰৰ ওপৰত বাস কৰা এজন লোকে এখন পকী দেৱাল নিৰ্মাণ কৰিছিল । দেৱালখন খহি পৰি মোৰ পাকঘৰটোৰ ক্ষতি কৰে ৷
নেৰানেপেৰা বৰষুণঃ ভূ-স্খলনত পাঞ্জাবাৰীৰ এঘৰৰ বিস্তৰ ক্ষতি

নেৰানেপেৰা বৰষুণঃ ভূ-স্খলনত পাঞ্জাবাৰীৰ এঘৰৰ বিস্তৰ ক্ষতি

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থান বানৰ কবলত পৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ কেতবোৰ পাহাৰীয়া অঞ্চলত ভূ-স্খলনৰ ঘটনা সংঘটিত হৈছে। কালি জু-ৰোড গীতানগৰত এখন স্কুলৰ সীমাৰ দেৱাল খহি দুটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পাছত আজি পুৱা পাঞ্জাবাৰী অঞ্চলতো এনে এটা ঘটনা সংঘটিত হয় । আজি পুৱা প্ৰায় ৬-৩০বজাত ভূ-স্খলনৰ ফলত পাঞ্জাবাৰীৰ বিষ্ণুনগৰৰ নিবাসী ধনঞ্জয় দেবনাথৰ বাসগৃহৰ ক্ষতিসাধন হয় ৷ এই ভূ-স্খলনত দৈবক্ৰমেহে পৰিয়ালটোৰ লোকসকলৰ প্ৰাণৰক্ষা পৰে। ঘটনা সম্পৰ্কত এটা ভিডিঅ' প্ৰচাৰ কৰি দেবনাথে কয়, "এয়া অতি বেদনাদায়ক ঘটনা। ঘটনাটো আজি পুৱা ৬-৩০বজাত সংঘটিত হয় ৷ পাহাৰৰ ওপৰত বাস কৰা এজন লোকে এখন পকী দেৱাল নিৰ্মাণ কৰিছিল । দেৱালখন খহি পৰি মোৰ পাকঘৰটোৰ ক্ষতি কৰে ৷ ধ্বংসস্তূপৰ মাজত আমাৰ কাঁহি-বাতি আৰু দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ সোমাই পৰিল ৷ মই ভয় খাই আছো ৷ কিবা প্ৰকাৰে মই বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ সক্ষম হ'লো যদিও বিদ্যুতৰ কেব'ল ছিঙি পৰিল"৷

ইয়াৰ পূৰ্বে কালি গুৱাহাটীৰ জু-ৰোডৰ পাহাৰীয়া অঞ্চলত অৱস্থিত এখন স্কুলৰ নৱনিৰ্মিত চাৰিসীয়াৰ দেৱাৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰে। বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিত দৈবক্ৰমেহে প্ৰাণৰক্ষা পৰে পৰিয়াল দুটাৰ কে'বাজনো ব্যক্তিৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত জু- নাৰেংগী গীতানগৰৰ ঘাৰমৰা সত্ৰ পথস্থিত প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ চাৰিসীমাত নৱনিৰ্মিত দেৱাল খহি পৰে স্থানীয় যতীন নাথ আৰু পঙ্কজ গোস্বামীৰ বাসগৃহত ৷ ফলত পৰিয়াল দুটাৰ বাসগৃহ ক্ষতিগ্ৰস্ত হয়৷ তদুপৰি পৰিয়াল দুটাৰ সদস্যসকলৰ কথমপিহে প্ৰাণৰক্ষা পৰে ৷ অভিযোগ অনুসৰি নিম্ন মানৰ সামগ্ৰীৰে বিপদসংকুলভাবে পাহাৰৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষই এই দেৱাল নিৰ্মাণ কৰোৱায় ৷ ফলত এই দেৱাল খহি পৰা ঘটনা সংঘটিত হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com