খাদ্য সুৰক্ষা নিশ্চিতকৰণঃ মণিপুৰ-মেঘালয়ৰ ঈৰ্ষণীয় সফলতা

তুলনমূলকভাবে সৰু ৰাজ্যসমূহৰ শীৰ্ষত স্থান লাভ কৰিছে মণিপুৰ, মেঘালয় আৰু গোৱাই
খাদ্য সুৰক্ষা নিশ্চিতকৰণঃ মণিপুৰ-মেঘালয়ৰ ঈৰ্ষণীয় সফলতা

খাদ্য সুৰক্ষা নিশ্চিতকৰণঃ মণিপুৰ-মেঘালয়ৰ ঈৰ্ষণীয় সফলতা

জনতাৰ বাবে খাদ্য সুৰক্ষা নিশ্চিতকৰণত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে মণিপুৰ আৰু মেঘালয়ে ৷ দেশৰ তুলনামূলকভাবে সৰু ৰাজ্যসমূহৰ ভিতৰত উজলি উঠিবলৈ সক্ষম হৈছে উত্তৰ-পূবৰ এই দুই ৰাজ্য ৷ ২০১৯-২০ত খাদ্য সুৰক্ষা নিশ্চিতকৰণত তুলনমূলকভাবে সৰু ৰাজ্যসমূহৰ শীৰ্ষত স্থান লাভ কৰিছে মণিপুৰ, মেঘালয় আৰু গোৱাই ৷ এই স্বীকৃতি প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ(FSSAI)-ই ৷ আনহাতে, ২০১৯-২০ৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত তুলনামূলকভাবে ডাঙৰ ৰাজ্যসমূহৰ শীৰ্ষত স্থান লাভ কৰিছে গুজৰাট, তামিলনাডু আৰু মহাৰাষ্ট্ৰই ৷ খাদ্য সুৰক্ষা দিৱস উপলক্ষে FSSA-এই ৰাজ্যসমূহক এনে স্বীকৃতি প্ৰদান কৰিছে ৷ ই হৈছে এক সূচকীয় ব্যৱস্থা ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com