বৰ্ষাৰ অন্তিমলৈকে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা কামৰূপ(ম)প্ৰশাসনৰ

বাৰিষা তথা বৰষুণৰ বতৰ পাৰ নোহোৱালৈকে জিলাখনত পাহাৰৰ মাটি কটা আৰু পিতনিৰ লেখীয়া স্থানত মাটি ভৰোৱাৰ কামত নিষেধাজ্ঞা আৰোপ কৰিছে ৷
বৰ্ষাৰ অন্তিমলৈকে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা কামৰূপ(ম)প্ৰশাসনৰ

বৰ্ষাৰ অন্তিমলৈকে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা কামৰূপ(ম)প্ৰশাসনৰ

চলিত বৰ্ষাৰ অন্তিমলৈ পাহৰৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে ৷ উল্লেখ্য যে শেহতীয়াভাবে গুৱাহাটীত হোৱা কে'বাটাও ভূ-স্খলনৰ ঘটনাৰ বাতৰি "দ্য ছেণ্টিনেল ডিজিটেল"-এ সবিস্তাৰে প্ৰকাশ কৰে। ইয়াৰ পাছতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক নিৰ্দেশযোগে বাৰিষা তথা বৰষুণৰ বতৰ পাৰ নোহোৱালৈকে জিলাখনত পাহাৰৰ মাটি কটা আৰু পিতনিৰ লেখীয়া স্থানত মাটি ভৰোৱাৰ কামত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বিভিন্ন চৰকাৰী বিভাগলৈ জাৰি কৰা এক নিৰ্দেশনাত উপায়ুক্ত পেগুৱে পাহাৰীয়া অঞ্চলত মাটি কটা আৰু মাটি ভৰোৱা কামৰ বাবে অনুমতি নিদিবলৈ নিৰ্দেশ দিছে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয়, " মই বিশ্বজিৎ পেগু (আই এ এছ)-এ বাৰিষাৰ সময়ছোৱাত পাহাৰীয়া অঞ্চলত মাটি কটা আৰু মাটি ভৰোৱাৰ কাম বাৰিষাৰ দিনসমূহত বন্ধ ৰখাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা অনুভৱ কৰি ভূমি-সংৰক্ষণ, পৰিবহণ, বন বিভাগ, জিলা আৰক্ষী বিভাগ, ৰাজহ চক্ৰ বিষয়াসকল, গড়কাপ্টানী বিভাগ, গুৱাহাটী পৌৰ নিগম আদিকে ধৰি সংশ্লিষ্ট বিভাগসমূহলৈ নিৰ্দেশনা জাৰি কৰি পাহাৰীয়া অঞ্চলত মাটি কটা আৰু পিতনিৰ লেখীয়া স্থানত মাটি ভৰোৱাৰ কামৰ বাবে অনুমতি নিদিবলৈ কৈছো"৷ উপায়ুক্তই লগতে কয় যে পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আদিৰ পৰা পূৰ্বেই এনেধৰণৰ মাটি কটা আৰু কামৰ বাবে অনুমতি উলিওৱাসকলেও বাৰিষাৰ দিনকেইটাত এনে ধৰণৰ কাম কৰিব নোৱাৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com