পাকিস্তানত আৱাসিক চৌহদত ৯৮যাত্ৰীসহ খহি পৰিল বিমান

মুঠ ৯৮যাত্ৰী আৰু বিমান কৰ্মচাৰীসহ উৰা মৰা এখন বিমান কৰাচীৰ এক আৱাসিক চৌহদত খহি পৰে ৷
পাকিস্তানত আৱাসিক চৌহদত ৯৮যাত্ৰীসহ খহি পৰিল বিমান

পাকিস্তানত আৱাসিক চৌহদত ৯৮যাত্ৰীসহ খহি পৰিল বিমান

এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পাকিস্তানৰ বাণিজ্যিক নগৰী কৰাচীত ৷আজি লাহোৰৰ পৰা কৰাচী অভিমুখে মুঠ ৯৮যাত্ৰী আৰু বিমান কৰ্মচাৰীসহ উৰা মৰা এখন বিমান কৰাচীৰ এক আৱাসিক চৌহদত খহি পৰে ৷ দুৰ্ঘটনাটো সংঘটিত হয় কৰাচী আন্তঃৰ্জাতিক বিমান বন্দৰ পোৱাৰ পূৰ্বে ৷ শোকাবহ দুৰ্ঘটনাটোত হতাহতৰ সংখ্যা বৰ্তমানলৈ নিশ্চিত হোৱা নাই যদিও বিমানখনত থকা অধিকাংশৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ তদুপৰি বিমানখন আকস্মিকভাবে খহি পৰা আবাসিক চৌহদটোৰো বহশ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। খহি পৰাৰ লগে লগে বিমানখন দপদপাই জ্বলি উঠে ৷ বহু দূৰৰ পৰাই বিমানখনত লগা জুই দেখিবলৈ পোৱা যায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com