কাইলৈৰ পৰা পঞ্জাৱত অনলাইন বিক্ৰী হ'ব সুৰা, হ'ব, হোম ডেলীভাৰী

liquor
liquor

কাইলৈৰ পৰা পঞ্জাৱত অনলাইন বিক্ৰী হ'ব সুৰা, হ'ব, হোম ডেলীভাৰী।

দেশত ক'ৱিড-১৯ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশত তলাবন্ধ ঘোষণা কৰা হৈছিল । জাৰি কৰা তৃতীয় পৰ্যায়ৰ লকডাউন অহা ১৭ মে' পৰ্যন্ত চলিব ।

এনে সময়তে অসমৰ লেখীয়াকৈ বৃহস্পতিবাৰৰ পৰা পঞ্জাৱত সুৰাৰ অনলাইন অৰ্ডাৰ আৰু হোম ডেলীভাৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাৱৰ আবকাৰী বিভাগে ।

ৰাজ্যখনত সুৰা বিক্ৰীৰ সময় বৃহস্পতিবাৰৰ পৰা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ধাৰ্য কৰা হৈছে। সুৰা ব্যৱসায়ীসকলে কেৱল এই সময়খিনিতহে সুৰা বিক্ৰী কৰিব পাৰিব ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ অধ্যক্ষতাত কেবিনেটে আবকাৰী বিভাগৰ নিৰ্দেশত মোহৰ লগাব ।

এই কথা সদৰী কৰি আবকাৰী বিষয়া নৱদ্বীপ ভিনদৰে কয়," আমি সুৰাৰ হোম ডেলীভাৰী কৰাৰ বাবে সকলো পদ্ধতি সম্পূৰ্ণ কৰিছো । আমি আশা কৰো যে বিভাগটোক কেবিনেটৰ পৰা সেউজ সংকেত পাব " ।

আনহাতে, এজন শীৰ্ষ বিষয়াই কয় যে অন্য ৰাজ্য আৰু চুবুৰীয়া চণ্ডীগড়ৰ সুৰাৰ দোকানত হোৱা মানুহৰ ভিৰৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

লগতে কয় যে জিলা উপায়ুক্তসকলৰ নিৰ্দেশ মৰ্মে আবকাৰী বিভাগে ইয়াৰ লগত সম্বন্ধিত সকলো কাম সম্পূৰ্ণ কৰিছে ।

ভিন্দৰে কয় যে ৰাজ্যত সান্ধ্য আইন থকা সময়লৈকেহে হোম ডেলীভাৰী কৰা হ'ব ।

লগতে তেওঁ কয় যে সুৰাৰ হোম ডেলীভাৰী পদক্ষেপে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত সহায়ক হ'ব । পঞ্জাবৰ আবকাৰী বিভাগত সুৰাৰ হোম ডেলীভাৰীৰ কোনো আইন নাই যদিও কোভিড-১৯ ৰ দ্বাৰা সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত অস্থায়ী ভাৱে লোৱা হৈছে।

তদুপৰি সুৰাৰ ব্যৱসায়ী সকলোলৈ নিৰ্দেশ পালন কৰা হৈছে যে তেওঁলোকে দুই লিটাৰতকৈ বেছি সুৰা বিক্ৰী কৰিব নোৱাৰিব ।

হোম ডেলীভাৰীৰ বাবে ৰাজ্যৰ সুৰা বিক্ৰেতা সকলক কঠোৰ নিৰ্দেশ জাৰি কৰে কৰা হৈছে। তেওঁলোকে প্ৰতিদিনে অৰ্ডাৰ বুক ৰাখিব লাগিব । লগতে এগৰাকী ব্যক্তিয়ে কেৱল দুগৰাকী ব্যক্তিলৈহে সুৰা বিতাৰিত কৰিব পাৰিব ।

ৰাজ্যৰ আবকাৰী বিভাগে ২০২০-২১ বিত্তীয় বৰ্ষত ৬,২০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ আশা কৰিছে । তদুপৰি লকডাউনৰ বাবে হোৱা ক্ষতি সুৰাৰ বিক্ৰীয়ে যথেষ্ঠ প্ৰভাৱিত কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com