খোজকাঢ়ি ঘৰমুৱা হোৱা মধ্য প্ৰদেশৰ ১৫ শ্ৰমিকক মহতিয়াই নিলে ৰেলে

এক শোকাৱহ ৰেল দুৰ্ঘটনাাত ১৫ জন প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱায়।
খোজকাঢ়ি ঘৰমুৱা হোৱা মধ্য প্ৰদেশৰ ১৫ শ্ৰমিকক মহতিয়াই নিলে ৰেলে

বিপদৰ উপৰি  বিপদ!  এফালে কৰ'না মহামাৰীৰ সংহাৰী ৰূপ, আনফালে ৰেল দুৰ্ঘটনা। শুকুৰবাৰে নিচেই পুৱা  মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত  এক শোকাৱহ ৰেল দুৰ্ঘটনাাত ১৫ জন প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱায়।

এখন মালবাহী ৰেলে একেলগে শ্ৰমিককেইজনক মহতিয়াই নিয়ে। ফলত থিতাতে মৃত্যু হয় আটাইকেইজন শ্ৰমিকৰ। আহত হয় আন কেইবাজনো।  শ্ৰমিককেইজনে মধ্যপ্ৰদেশৰ পৰা ৰেলপথেৰে খোজকাঢ়ি ঘৰমুৱা হৈছিল ।

এক সূত্ৰই জনোৱা মতে,  ,সম্ভৱতঃ নিশা শ্ৰমিককেইজন ৰেলপথতে শুই পৰিছিল আৰু পুৱা প্ৰায় ৫.৩০ বজাত সাৰ পোৱাৰ আগতেই মালবাহী ৰেলখন তেওঁলোকৰ গাৰ ওপৰেৰে পাৰ হৈ যায়।

লক্ষ্যণীয় যে লকডাউনৰ ফলত বিভিন্ন ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে বিশেষ ৰেলসেৱা। কিন্তু আৱদ্ধ হৈ থকা শ্ৰমিক অনুপাতে ৰেলৰ সংখ্যা পৰ্যাপ্ত নোহোৱাত বহু শ্ৰমিকে খোজকাঢ়ি ঘৰলৈ যাবলৈ বাধ্য হৈছে। তাৰ মাজতে শুকুৰবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলে। স্থানীয় প্ৰশাসনেও আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে নিহত লোকসকলৰ পৰিচয় আদি উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে গভীৰ দুখ প্ৰকাশ কৰিছে।

'মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত এই শোকাৱহ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছো। ৰেলমন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে কথা হৈছো আৰু তেওঁ সমগ্ৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিছে। প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে।'-টুইটটোত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

ঘটনাটোক লৈ ৰেলমন্ত্ৰী পীয়ুষ গোৱেলেও টুইটযোগে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, 'নিচেই পুৱা কেবাজনো শ্ৰমিকক ট্ৰেকৰ ওপৰত দেখি মালবাহী ৰেলখনৰ চালকে ৰখাবলৈ চেষ্টা কৰিছিল। কিন্তু মাৰ্বণী-মানমাড় শাখাত বদনাপুৰ আৰু কাৰমাদ ষ্টেশ্যনৰ মাজত ৰেলখনে তেওঁলোকক খুন্দা মাৰে। আহতসকলক ঔৰংগাবাদ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।'

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com