হোজাইত দোকানৰ পৰা মিঠাতেল চুৰি কৰি গ্ৰেপ্তাৰ এজন

আৰক্ষীয়ে ধৃত দেৱাশীষৰ জিম্মাৰ পৰা এটা এল পি জি চিলিণ্ডাৰো উদ্ধাৰ কৰে ৷
হোজাইত দোকানৰ পৰা মিঠাতেল চুৰি কৰি গ্ৰেপ্তাৰ এজন

খোৱাতেলৰ অত্যধিক মূল্যবৃদ্ধি ঘটাৰ সময়তে হোজাইত এখন দোকানৰ পৰা মিঠাতেল চুৰি কৰি গ্ৰেপ্তাৰ হ'ল এজন লোক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই লোকজনক দেৱাশীষ দে বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁৰ পৰা আৰক্ষীয়ে ১৬ লিটাৰ ইঞ্জিন ব্ৰেণ্ডৰ মিঠাতেল জব্দ কৰে ৷

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দেৱাশীষে তেওঁৰ দুজন সহযোগীৰ সৈতে হোজাইৰ লালমাটিৰ এখন দোকানৰ পৰা মিঠাতেল চুৰি কৰে ৷ তেওঁৰ সহযোগীদ্বয় পলাতক অৱস্থাত আছে ৷ ইয়াৰ পূৰ্বে তেওঁ হোজাইৰ এটা কালী মন্দিৰৰ পৰা দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰো চুৰি কৰে ৷

আৰক্ষীয়ে ধৃত দেৱাশীষৰ জিম্মাৰ পৰা এটা এল পি জি চিলিণ্ডাৰো উদ্ধাৰ কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com